ধুবুৰী, 6 জুলাই :দীৰ্ঘদিন ধৰি ধুবুৰীত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বগা চাউলৰ ক'লা বেহা চলি অহাৰ অভিযোগ উত্থাপিত হৈছে (Rice scam in Dhubri) । তেনে সময়তে বিভিন্ন আঁচনিৰ চাউলৰ কিছু অংশ ধুবুৰীস্থিত ভাৰতীয় খাদ্য নিগমৰ পৰা নদী পথেৰে বাংলাদেশলৈ লৈ যোৱা হয় বুলি এক গোপন তথ্যৰ জৰিয়তে খবৰ লাভ কৰে ধুবুৰী আৰক্ষীয়ে(Assam rice allegedly send to Bangladesh) ৷
ধুবুৰীৰ এটা স্থানীয় চক্ৰৰ বিৰুদ্ধে বাংলাদেশলৈ চাউলৰ চোৰাং চালানৰ উপৰিও ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িওৱা ট্ৰাকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ লাভ কৰে ধুবুৰী আৰক্ষীয়ে ।
ইফালে, সোমবাৰে ধুবুৰী আৰক্ষীয়ে অভিযান চলাই এই চক্ৰটোৰ সৈতে জড়িত থকাৰ লগতে FCI ৰ চাউল কঢ়িওৱা ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ অভিযোগত 6 জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এই তথ্য সদৰী কৰে ধুবুৰী আৰক্ষীয়ে । আনহাতে, ভাৰতীয় খাদ্য নিগমৰ পৰা ছয়জনকৈ লোকক গ্ৰেপ্তাৰ পিছতেই আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ট্ৰাক চালক আৰু মালিক সন্থাই ।
উল্লেখ্য যে, ধুবুৰীৰ ট্ৰাক মালিক সন্থা আৰু চালক সন্থাৰ এটা চক্ৰই ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িওৱা ট্ৰাকৰ পৰা দৈনিক অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এনে অভিযোগৰ ভিত্তিত ধুবুৰী কলেজ নগৰ আৰক্ষীয়ে অভিযান চলাই সোমাবাৰে আটক কৰে ছয়জনকৈ লোকক । ধৃত লোক কেইজন হৈছে ক্ৰমে লোকমান আলী, সঞ্জীৱ কুমাৰ দাস, জাহিদুৰ ৰহমান, ৰাজ আহমেদ, আনোৱাৰ আকন্দ আৰু নুৰ মহম্মদ ।
ধুবুৰী আৰক্ষীয়ে ৩৫০/২২ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৩৮৬/৪০৬/৪৬৮/৪৭১/৪০৯/৩৪ ধাৰাৰ গোচৰ ৰুজু কৰাৰ লগতে আটাইকেইজনক গ্ৰেপ্তাৰ কৰি মঙলবাৰে আদালতত হাজিৰ কৰায় ধুবুৰী আৰক্ষীয়ে । ইয়াৰ পিছত আদালতে আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে । গ্ৰেপ্তাৰৰ পিছতেই আৰক্ষীয়ে লোককেইজনক সৈতে সোধ-পোছ কৰাত বাংলাদেশলৈ বগা চাউলৰ চোৰাং চালান দিয়াৰ এক গোপন তথ্য লাভ কৰে ধুবুৰী আৰক্ষীয়ে ।