ধুবুৰী, 25 নৱেম্বৰ: চৰকাৰী মাটি দখলৰ অভিযোগ উত্থাপন হৈছে এটা কোম্পানীৰ বিৰুদ্ধে ৷কামৰূপ আইচ কোল্ড নামৰ কোম্পানীটোৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ । উল্লেখ্য যে, ধুবুৰী জুইশলা কাৰখানাৰ মাটি বিক্ৰীৰ বিৰুদ্ধে উইমকো বচাও কমিটিয়ে ধাৰাবাহিকভাবে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ । তেনে সময়তে চৰকাৰী মাটি দখলৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে উল্লেখ কৰা কোম্পানীটোৰ বিৰুদ্ধে ।
জুইশলা কাৰখানাৰ এলেকাতেই থকা প্ৰায় 36 বিঘা চৰকাৰী মাটি কামৰূপ আইচ কোল্ড কোম্পানীয়ে দখল কৰা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ তথ্য অনুসৰি 1392 চনলৈকে লীজত থকা প্ৰায় 36 বিঘা মাটি পৰৱৰ্তী সময়ত লিজৰ সময়সীমা উকলি যোৱাৰ পিছত চৰকাৰী খাচ মাটি হৈ পৰে । কিন্তু কামৰূপ আইচ কোল্ড নামৰ কোম্পানীয়ে ক্ৰয় কৰা জুইশলা কাৰখানাৰ মাটিখিনি কোনো মাপ-জোখ নকৰাকৈয়ে চৰকাৰী খাচ মাটিখিনি দখল কৰিবলৈ আৰম্ভ কৰে বুলি অভিযোগ তুলিছে কোম্পানীটোৱে ।