ধুবুৰী, 10 ডিচেম্বৰ : ধুবুৰী জাহাজ বন্দৰত শিল, কয়লাৰ বৃহৎ ছিণ্ডিকেটৰ অভিযোগ ৷ বহিৰাগত A2Z EXIM নামৰ এটা প্ৰতিষ্ঠানৰ চাৰিজন লোকৰ নেতৃত্বত এই ছিণ্ডিকেট চলাৰ অভিযোগ ৷ ধুবুৰী জাহাজ বন্দৰত A2Z EXIM নামৰ প্ৰতিষ্ঠানটোৰ ছিণ্ডিকেটৰ বিৰোধিতা কৰি ৰপ্তানী প্ৰতিনিধিয়ে বিগত এমাহে বাংলাদেশলৈ বন্ধ কৰি ৰাখিছে শিল, কয়লাৰ ৰপ্তানি ৷ ৰপ্তানী প্ৰতিনিধিৰ গোচৰৰ ভয়ত প্ৰায় তিনি সপ্তাহ পলাই থাকি দেওবাৰে আৰক্ষী থানাত হাজিৰ হ’ল ছিণ্ডিকেটৰ চাৰি অভিযুক্ত ৷
ধুবুৰী সদৰ আৰক্ষী থানাত হাজিৰ হ’ল A2Z EXIM নামৰ প্ৰতিষ্ঠানটোৰ ছিণ্ডিকেটৰ নেতৃত্ব দিয়া চাৰি অভিযুক্ত ৷ আজি ধুবুৰী সদৰ আৰক্ষী থানাত হাজিৰ হ’ল A2Z EXIM কোম্পানীৰ বিজনেজ ডেভেলপাৰ ছোহেল কাজানি, ৰিজুমণি তালুকদাৰ, এলিনা আহমেদ আৰু অংশুমান নামৰ ব্যক্তিগৰাকী ৷ ধুবুৰী জাহাজ বন্দৰত চলি থকা A2Z EXIM প্ৰতিষ্ঠানৰ ছিণ্ডিকেটৰ বিৰুদ্ধে 18 নৱেম্বৰত ধুবুৰী সদৰ আৰক্ষী থানাত ৰুজু হৈছিল এক গোচৰ ৷
এই গোচৰৰ ভিত্তিত ইতিমধ্যে দুসপ্তাহ পূৰ্বে A2Z EXIM প্ৰতিষ্ঠানৰ সৈতে জড়িত জাহিদুল আলম আৰু জাহিদ খন্দকাৰক গ্ৰেপ্তাৰ কৰি জেল হাজোত লৈ প্ৰেৰণ কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ কিন্তু একেই গোচৰত সাঙোৰ খোৱা এই চাৰি মূল অভিযুক্ত গ্ৰেপ্তাৰৰ ভয়ত পলাতক অৱস্থাত আছিল ৷ উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জমিন লাভ কৰি আজি ধুবুৰী সদৰ আৰক্ষী থানাত হাজিৰ হয় চাৰি অভিযুক্ত ৷