অসম

assam

ETV Bharat / state

পকী পথ নিৰ্মাণৰ নামত ৰাইজক দিলে ৰামঠগন ! - পশ্চিম বিলাসীপাৰা পথৰ দুৰ্নীতি

নিৰ্মাণৰ পাচতেই চপৰা-চপৰে এৰাইছে পথৰ ব্লেক টপিং ৷ ঠিকাদাৰ-অভিযন্তাৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ ধন হৰলুকিৰ অভিযোগ উত্থাপিত হৈছে ৷ স্থানীয় ৰাইজে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷ এই দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে বিলাসীপাৰাত (Scam allegation in SOPD scheme at Bilasipara) ৷

Scam allegation in SOPD scheme at Bilasipara
বিলাসীপাৰাত চপৰা-চপৰে এৰাইছে নৱনিৰ্মিত পথৰ ব্লেক টপিং

By

Published : Apr 12, 2022, 6:53 PM IST

পশ্চিম বিলাসীপাৰা, 12 এপ্ৰিল:বিলাসীপাৰাত লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণৰ নামত ঠিকাদাৰ, অভিযন্তাই বিয়াগোম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে । পথ নিৰ্মাণত এটাৰ পিছত আনটো দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে বিলাসীপাৰাৰ লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা ৰফিকুল ইছলাম খানৰ বিৰুদ্ধে (Scam allegation in SOPD scheme at Bilasipara)।

পশ্চিম বিলাসীপাৰাৰ সাধুভাষা গাঁও পঞ্চায়তৰ অন্তৰ্গত পিয়াজবাৰী বজাৰৰ পৰা ২ নং সাধুভাষালৈ 800 মিটাৰৰ পথছোৱা নিৰ্মাণৰ পাছতেই চপৰা-চপৰে এৰাই গৈছে ব্লেক ট্ৰপিং ৷ পথটো নিৰ্মাণত ঠিকাদাৰ আৰু অভিযন্তাই মিলি অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি সিংহভাগ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে উত্থাপিত হৈছে । অভিযোগ অনুসৰি পথটোৰ দুয়োপাৰৰে ছাইড বাম নিৰ্মাণ নকৰাৰ লগতে ৮ ইঞ্চি মেটেলৰ ঠাইত ৪/৫ ইঞ্চিহে মেটেল ব্যৱহাৰ কৰা হৈছে ।

বিলাসীপাৰাত চপৰা-চপৰে এৰাইছে নৱনিৰ্মিত পথৰ ব্লেক টপিং

একাংশ ঠাইত মাটিৰ ওপৰতে কাৰ্পেটিং কৰাৰ লগতে আন একাংশ ঠাইত কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈয়েই পিচ-কাৰ্পেটিং কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Bilasipara Road construction scam)। সম্প্ৰতি পথটোৰ কেইবাটাও অংশ জহি-খহি পৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । ঠিকাদাৰ আনোৱাৰ হুছেইন আৰু বিভাগীয় অভিযন্তা ৰফিকুল ইছলাম খানে পথটো নিৰ্মাণৰ নামত এই বিয়াগোম কেলেংকাৰী সংঘটিত কৰা বুলি স্থানীয় লোকে জানিবলৈ দিছে ।

যাকলৈ স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে অভিযন্তা ৰফিকুল ইছলাম খানৰ বিৰুদ্ধে তদন্তৰ দাবী কৰি জনাইছে । স্থানীয় ৰাইজৰ লগত সহযোগী ঠিকাদাৰ জাহাংগীৰৰ সৈতে এক প্ৰকাৰৰ তৰ্কাতৰ্কিৰো সৃষ্টি হয় । দুৰ্নীতিৰ অভিযোগত অভিযুক্ত অভিযন্তা ৰফিকুল ইছলাম খান আৰু ঠিকাদাৰৰ বিৰুদ্ধে উচিত তদন্ত নহ’লে আন্দোলনৰ হুংকাৰ দিছে স্থানীয় ৰাইজ আৰু দল সংগঠনে ৷

লগতে পঢ়ক:গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত নিৰ্মাণ হ'ব চৰকাৰী হাস্পতাল : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details