অসম

assam

By

Published : Dec 5, 2020, 8:37 PM IST

ETV Bharat / state

আলমগঞ্জ পঞ্চায়তৰ সভানেত্ৰী-সচিবৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ

ধুবুৰীৰ আলমগঞ্জ গাঁও পঞ্চায়ত সভানেত্ৰী, সচিবৰ বিৰুদ্ধে পাঁচ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ । জিলা উপায়ুক্তক লিখিত অভিযোগ ৰাইজৰ ।

allegation of scam against panchayat member
allegation of scam against panchayat member

ধুবুৰী, 5 ডিচেম্বৰ : ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত আলমগঞ্জ গাঁও পঞ্চায়ত সভানেত্ৰী আৰু সচিবৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ । পঞ্চায়তৰ দুবিঘা চৰকাৰী ভূমিৰ পট্টা আন লোকক দিয়াৰ অভিযোগ ৰাইজৰ । আলমগঞ্জ পঞ্চায়তৰ ৰাইজৰ ফালৰ পৰা পঞ্চায়ত সভানেত্ৰী আৰু সচিবৰ বিৰুদ্ধে ইতিমধ্যে ধুবুৰী জিলা উপাযুক্তক এখন লিখিত অভিযোগ দাখিল কৰা হৈছে । পঞ্চায়তৰ ভূমি পট্টা অন্য লোকক দিয়াৰ নামত পাঁচ কোটি টকা সংগ্ৰহৰো অভিযোগ উঠিছে ।

আলমগঞ্জ পঞ্চায়তৰ সভানেত্ৰী-সচিবৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ

অভিযোগ অনুসৰি পঞ্চয়তৰ কাৰ্যলয় স্থানান্তৰ কৰি পূৰ্বৰ কাৰ্যলয়ৰ ঠাইত চতুৰ্থ বিত্তীয় সাহায্য আঁচনিৰ প্ৰায় বিশ লাখ টকা ব্যয় সাপেক্ষে মাৰ্কেট কম্প্লেক্স নিৰ্মাণ কৰি থকা হৈছে । পঞ্চায়তৰ গাঁও সভাৰ জৰিয়তে লোৱা সিদ্ধান্ত মৰ্মে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পৰা অনুমতি বিচৰাত মাৰ্কেট কম্প্লেক্স নিৰ্মাণৰ অনুমতি প্ৰদান কৰে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেশ তালুকদাৰে ৷ আনহাতে চতুৰ্থ বিত্তীয় সাহায্য আঁচনিৰ প্ৰায় বিশ লক্ষাধিক টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে স্থায়ী কাৰ্যালয় । ইপিনে সভানেত্ৰী সচিবৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ অস্বীকাৰ কৰে সভানেত্ৰীৰ স্বামী আব্দুছ ছাত্তাৰে ।

ইপিনে পঞ্চায়তৰ এই মাটিখিনি একাংশ লোকক পট্টা দিয়াৰ অভিযোগ তুলি ৰাইজে জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰাৰ পিছত ঘটনাৰ তদন্ত কৰাৰ কথা উল্লেখ কৰে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনিমেশ তালুকদাৰে । এতিয়া বিভাগীয় ভাবে তদন্ত কৰাৰ পিছত পোহৰলৈ আহিব প্ৰকৃত তথ্য ৷

লগতে পঢ়ক :কলগাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ নিখিল ভাৰত কৃষক সভাৰ

ABOUT THE AUTHOR

...view details