অসম

assam

ETV Bharat / state

Fake Diagnostic Center: ধুবুৰীত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ডায়গ্নষ্টিক চেণ্টাৰ

চিকিৎসাৰ নামত ব্যৱসায় চলাই যোৱাৰ সমান্তৰালকৈ মানুহৰ জীৱনক লৈ ল’ৰা ধেমালি কৰা আৰম্ভ কৰাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে ৷ ধুবুৰীৰ দুজন চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ সচেতন ৰাইজে ৷

Allegation of Irregularities
চিকিৎসাৰ নামত ব্যৱসায়

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 3:35 PM IST

Updated : Sep 24, 2023, 4:46 PM IST

মানুহৰ জীৱনক লৈ ল’ৰা ধেমালি একাংশ চিকিৎসকৰ

ধুবুৰী, 24 ছেপ্টেম্বৰ : ধুবুৰীত একাংশ চিকিৎসকে চিকিৎসাৰ নামত ব্যৱসায় চলাই যোৱাৰ সমান্তৰালকৈ মানুহৰ জীৱনক লৈ ল’ৰা ধেমালি কৰা আৰম্ভ কৰিছে ৷ অভিযোগ অনুসৰি কোনো ধৰণৰ ৰেডিঅ’লজিৰ ডিগ্ৰী নথকা একাংশ চিকিৎসকে বিভিন্ন ৰোগীৰ চ’নোগ্ৰাফীৰ ৰিপ’ৰ্ট প্ৰদান কৰি আহিছে ৷ ধুবুৰীৰ দুজন চিকিৎসকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ সচেতন ৰাইজে ৷

ধুবুৰীৰ সমাজকৰ্মী শিমূল সৰকাৰ আৰু মোজামেল হকে অভিযোগ উত্থাপন কৰিছে ধুবুৰীৰ তাৱাজ উদ্দিন আহমেদ নামৰ এজন সাধাৰণ এম বি বি এছ ডিগ্ৰীধাৰী চিকিৎসকৰ বিৰুদ্ধে ৷ আনহাতে আব্দুছ ওৱাৰিছ নামৰ অৱসৰপ্ৰাপ্ত এম বি বি এছ ডিগ্ৰীধাৰী চিকিৎসকৰ বিৰুদ্ধেও উত্থাপন হৈছে অভিযোগ ৷ এই দুজন চিকিৎসকে ৰেডিঅ’লজিৰ কোনো ডিগ্ৰী নোহোৱাকৈ দীর্ঘদিনে একাংশ ডায়গ্নষ্টিক চেণ্টাৰৰ চেম্বাৰত বহি বিভিন্ন ৰোগীৰ চ‘নোগ্ৰাফী ৰিপ’ৰ্ট প্ৰদান কৰি আহিছে ৷ অভিযোগ অনুসৰি প্ৰতিদিনে একপ্ৰকাৰৰ ভুৱা চ’নোগ্ৰাফী ৰিপৰ্ট মতেই চিকিৎসা চলিছে ধুবুৰীৰ বহু ৰোগীৰ ৷

ইফালে ধুবুৰীৰ ঝগৰাৰ পাৰ অঞ্চলত থকা নেমকেয়াৰ মেডিকেল এণ্ড ডায়গ্নষ্টিক চেণ্টাৰ কোনো ধৰণৰ প্ৰয়োজনীয় নথি-পত্ৰ নোহোৱাকৈ চলি থকাৰ অভিযোগ উত্থাপন কৰিছে সচেতন নাগৰিকে ৷ চেণ্টাৰৰ বাহিৰত থকা নাম ফলকত লিখা আছে নেমকেয়াৰ মেডিকেল এণ্ড ডায়গ্নষ্টিক চেণ্টাৰ ৷ কিন্তু ভিতৰত চলি থকা চ’নোগ্ৰাফীৰ ৰিপ’ৰ্ট প্ৰদান কৰা হয় লাইফ লাইন চ’নোগ্ৰাফী চেণ্টাৰৰহে ৷ এই চেণ্টাৰত সাধাৰণ এম বি বি এছ চিকিৎসক তাৱাজ উদ্দিন আহমেদে ৰোগীৰ চ’নোগ্ৰাফীৰ ৰিপ’ৰ্ট প্ৰদান কৰি আহিছে ৷

অভিযোগ অনুসৰি কেৱল এই চেণ্টাৰতেই নহয় ৷ বিভিন্ন চেণ্টাৰত প্ৰতিদিনে বিভিন্ন ৰোগীক চ’নোগ্ৰাফী ৰিপ’ৰ্ট প্ৰদান কৰি অহাৰ অভিযোগ উঠিছে চিকিৎসক তাৱাজ উদ্দিন আহমেদৰ বিৰুদ্ধে ৷ একেদৰে ধুবুৰীৰ চেণ্ট্ৰেল ডায়গ্নষ্টিক চেণ্টাৰত ডাঃ আব্দুছ ওৱাৰিছ নামৰ অৱসৰপ্ৰাপ্ত এম বি বি এছ চিকিৎসকে জনেও ৰেডিঅ’লজিৰ কোনো ডিগ্ৰী নোহোৱাকৈ বিভিন্ন ৰোগীক চ’নোগ্ৰাফী ৰিপ’ৰ্ট প্ৰদান কৰি আহিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ ধুবুৰী জিলা যুটীয়া আৰু স্বাস্থ্য সঞ্চালকৰ সৈতে গোপন বুজাবুজি কৰি একাংশ চিকিৎসকে ৰেডিঅ’লজিৰ কোনো ধৰণৰ ডিগ্ৰী নোহোৱাকৈ চ’নোগ্ৰাফী ৰিপ’ৰ্ট প্ৰদান কৰি আহিছে বুলি অভিযোগ কৰিছে সচেতন ৰাইজে ৷

উল্লেখ্য যে, ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠা চ’নোগ্ৰাফী চেণ্টাৰ, ডায়গ্নষ্টিক চেণ্টাৰ অথবা বিভিন্ন লেৱৰেটৰীৰ বৈধ নথি পত্ৰক লৈও এতিয়া বৃহৎ প্ৰশ্নৰ উদয় হৈছে ৷ মুঠৰ ওপৰত সাধাৰণ মানুহৰ জীৱনক লৈ একাংশ চিকিৎসক আৰু ব্যৱসায়ী মিলি এক জঘন্য ব্যৱসায় চলাই গৈছে ধুবুৰীত ৷

লগতে পঢ়ক :CM at Bordowa Than: বটদ্ৰৱা থানৰ পৰা 8 কিঃ মিঃ ব্যাসাৰ্ধৰ ভিতৰত ক্ৰয়-বিক্ৰয় নহ’ব মাটিৰ !

Last Updated : Sep 24, 2023, 4:46 PM IST

ABOUT THE AUTHOR

...view details