অসম

assam

ETV Bharat / state

গৌৰীপুৰত গড়কপ্তানি পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

ধুবুৰীৰ গৌৰীপুৰৰ এখন গড়কপ্তানি পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ । নাম ফলক নোহোৱাকৈয়ে প্ৰায় সম্পন্ন পথ নিৰ্মাণৰ কাম ।

CORRUPTION
CORRUPTION

By

Published : Nov 28, 2020, 1:19 PM IST

ধুবুৰী, 28 নৱেম্বৰ : ধুবুৰীৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ টিয়ামাৰী প্ৰথম খণ্ড এলেকাৰ গড়কপ্তানি পথ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় বিষয়া আৰু ঠিকাদাৰে নিজৰ ইচ্ছামতেই নির্মাণকাৰ্য চলোৱাৰ অভিযোগ । অভিযোগ অনুসৰি কিছুদিন পূৰ্বে গৌৰীপুৰ ৰাষ্ট্ৰীয় ঘাই পথ সংলগ্ন এটা গুৰুত্বপূৰ্ণ পথ নির্মাণকাৰ্য আৰম্ভ হৈছে । পূৰ্ণোদ্যমে চলিছে পথটোৰ নির্মাণকাৰ্য । নির্মাণকাৰ্য প্ৰায় সমাপ্ত হোৱাৰ দিশে যদিও এতিয়ালৈকে পথটোৰ কোনো ঠাইত নাম ফলক আঁৰি দিয়া পৰিলক্ষিত হোৱা নাই । ফলত কোন আঁচনিৰ অধীনত কিমান টকা ব্যয় সাপেক্ষে আৰু কোন ঠিকাদাৰ পথটো নিৰ্মাণৰ দায়িত্বত আছে সেই তথ্য জ্ঞাত নহয় ৰাইজৰ । আনকি কি কি নীতি-নিয়মৰ মাজেৰে পথটো নিৰ্মাণ কৰা হৈছে সেই বিষয়ে কোনো তথ্য ৰাজহুৱা কৰা হোৱা নাই বুলি অভিযোগ তুলিছে ৰাইজে ।

গৌৰীপুৰত গড়কপ্তানি পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

উল্লেখযোগ্য যে, স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি ৪২ লক্ষাধিক টকাৰ কাম আঁচনি বহিঃৰ্ভূতভাৱে সম্পন্ন কৰি লাখ লাখ টকা আত্মসাতৰ ফন্দি কৰা হৈছে বুলি স্থানীয় ৰাইজৰ সন্দেহ । এইক্ষেত্ৰত উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবীত ইতিমধ্যে জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰিছে স্থানীয় ৰাইজে । জানিব পৰা মতে, গৌৰীপুৰ সমষ্টিৰ স্থানীয় বিধায়ক নিজানুৰ ৰহমানৰ ভাতৃয়ে এই পথ নিৰ্মাণৰ ঠিকা লাভ কৰিছে । বিধায়ক ভাতৃ হোৱাৰ বাবেই আঁচনি বহিঃৰ্ভূতভাবে পথ নির্মাণ কৰি আহিছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মাজত । এইক্ষেত্ৰত জিলা উপায়ুক্তই লিখিত অভিযোগ পোৱাৰ পিচত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় বিষয় হৈ পৰিছে ।

লগতে পঢ়ক :খোদ আৰক্ষীয়ে নিৰ্বাচনৰ প্ৰাৰ্থীক অপহৰণ কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details