ধুবুৰী, 31 জুলাই :পশ্চিমবংগৰ পৰা অসমলৈ প্ৰতিদিনেই সৰবৰাহ হৈছে ব্ৰইলাৰ মূৰ্গী (Broiler business in Assam)। অসমৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ব্ৰইলাৰ মূৰ্গী আৰু মূৰ্গীৰ মাংসৰ ব্যৱসায় কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছে । স্থায়ী উপাৰ্জনৰ পথ মোকোলাই লৈছে হেজাৰ হেজাৰ ব্যৱসায়ীয়ে ।
কিন্তু এইসকল ব্যৱসায়ীৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে । কাৰণ পশ্চিমবংগৰ পৰা ধুবুৰীলৈ অহা প্ৰতিখন ব্ৰইলাৰ ভৰ্তি বাহনৰ পৰা দীৰ্ঘ দিনে এটা ছিণ্ডিকেট চক্ৰই অবৈধ ভাৱে লাখ লাখ টকাৰ গুণ্ডাটেক্স সংগ্ৰহ কৰি অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ব্যৱসায়ীসকলে (Allegation broiler syndicate in Assam Bengal border) ।
অসম-বংগৰ ছাগলীয়া সীমান্তৰে ধুবুৰীত প্ৰৱেশ কৰাৰ পিছত ৰাষ্ট্ৰীয় ঘাই পথত গাড়ী ৰখাই জনৈক বাদল, ৰবি আৰু জীৱনে প্ৰতিখন ব্ৰইলাৰ ভৰ্তি বাহনৰ পৰা সংগ্ৰহ কৰিছে 12,500 টকালৈ । তাৰ পিছতেই গুণ্ডাটেক্স আদায় দিয়া বাহনৰ নম্বৰ দিয়া হয় ধুবুৰী পৰিবহন বিভাগৰ এম ভি আই লৈ ।
সেইমতে, এম ভি আয়ে লাভ কৰা বিশেষ নম্বৰৰ গাড়ীসমূহলৈ সেউজ সংকেত দিয়াৰ বিপৰীতে টকা অৰ্থাৎ গুণ্ডাটেক্স আদায় নিদিয়া গাড়ীসমূহ আটক কৰি বিভিন্ন প্ৰকাৰে জৰিমনা আৰু হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । ইপিনে তিনিজনীয়া দালাল আৰু এম ভি আইৰ নেতৃত্বত গঢ়ি উঠা ছিণ্ডিকেট চক্ৰৰ উপৰিও নিয়মিত ভাৱে ধন সংগ্ৰহৰ অভিযোগ আছে আৰক্ষীৰ বিৰুদ্ধেও ।