ধুবুৰী, 30 এপ্ৰিল :বিগত দহটা দিনত ধুবুৰী জিলাত ক'ভিড আক্ৰান্তৰ সংখ্যা 300 ৰো অধিক হোৱা পাচতে ধুবুৰী জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ধুবুৰী জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ অধ্যক্ষ দেৱ কুমাৰ কলিতাই এক নিৰ্দেশ জাৰি কৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে ৷
15 দিনৰ বাবে বন্ধ থাকিব ধুবুৰী জিলাৰ সকলো শিক্ষানুষ্ঠান - ধুবুৰী জিলা প্ৰশাসন
ধুবুৰীত ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত সংখ্যা ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ অধ্যক্ষ দেৱ কুমাৰ কলিতাই এক নিৰ্দেশ জাৰি কৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে ৷
15 দিনৰ বাবে বন্ধ থাকিব ধুবুৰী জিলাৰ সকলো শিক্ষানুষ্ঠান
প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ চৰকাৰী আৰু বেচৰকাৰী সকলো শিক্ষানুষ্ঠান, হোষ্টেল আৰু কোচিং চেন্টাৰ বন্ধ কৰাৰ নিৰ্দেশ দিছে ধুবুৰী জিলা প্ৰশাসনে ৷ তাৎক্ষণিকভাৱে জাৰি কৰা এই নিৰ্দেশ ১৫ দিনৰ বাবে বাহাল থাকিব বুলি জানিবলৈ দিছে ধুবুৰী জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ অধ্যক্ষ দেৱ কুমাৰ কলিতাই ৷