অসম

assam

ETV Bharat / state

Scam Allegation: AIUDF ৰ বিধায়ক নিজানুৰ ৰহমানৰ বিৰুদ্ধ এশ এবুৰি কেলেংকাৰীৰ অভিযোগ গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ - Scam in govt schemes

ধুবুৰীত গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল । গৌৰীপুৰৰ এ আই ইউ ডি এফ দলৰ বিধায়ক নিজানুৰ ৰহমানৰ বিৰুদ্ধে বিভিন্ন আঁচনি ৰূপায়নত দুৰ্নীতি, কমিচনৰাজৰ অভিযোগ । তদন্তৰ দাবী (Allegations of corruption against AIUDF MLA) ৷

allegations of corruption against the MLA
গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল

By

Published : May 15, 2023, 7:41 AM IST

গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সংবাদমেল

ধুবুৰী, 15 মে’: ধুবুৰী জিলাৰ অন্তৰ্গত গৌৰীপুৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক নিজানুৰ ৰহমানৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন । দেওবাৰে গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা কমিটিয়ে এক সংবাদ মেলৰ আয়োজন কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে (Allegations against AIUDF MLA) ৷

লক্ষণীয় বিষয় যে, কিছুদিন পূৰ্বে বিধায়কগৰাকীয়ে গৌৰীপুৰৰ এখন ৰাজহুৱা সভাত তেওঁৰ কাৰ্যকালত কোনো দুৰ্নীতি সংঘটিত হোৱা নাই বুলি দাবী কৰিছিল ৷ কেৱল সেই দাবীয়েই নহয়, কোনোবাই যদি দুৰ্নীতিৰ প্ৰমাণ দিব পাৰে তেন্তে তেওঁ ৰাজনৈতিক জীৱন ত্যাগ কৰিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছিল বিধায়কগৰাকীয়ে (AIUDF MLA Nijanur Rahman in scam) ।

ইয়াৰ পিচতেই জাঙুৰ খাই উঠিছে গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা কমিটি । কমিটিয়ে দেওবাৰে ধুবুৰীত আয়োজন কৰা এখন সংবাদমেলত গৌৰীপুৰৰ বিধায়কগৰাকীয়ে বিভিন্ন আঁচনি ৰূপায়ণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে । লগতে শীঘ্ৰে সকলো দুৰ্নীতিৰ তথ্য ফাদিল কৰিব বুলি ঘোষণা কৰে জিলা সমিতিৰ সভাপতিগৰাকীয়ে (All Assam Garia Maria Desi Jatiya Parishad) ।

কমিটিয়ে চিচি ব্লকৰ পথ নিৰ্মাণৰ বাবে ঠিকা লাভ কৰা ঠিকাদাৰৰ পৰা কমিছন, গৌৰীপুৰ পঞ্চায়তৰ প্ৰতিটো কামৰ শুভাৰম্ভণিৰ নামত বিশ হাজাৰ টকাকৈ কমিছন, পাৰ্কুপাইন আৰু এমজি এনৰেগা আঁচনিৰ পৰা কমিছন, সমষ্টিৰ মনিটৰিং কমিটীৰ অধ্যক্ষ হোৱাৰ দোহাই দি সমষ্টিটোৰ প্ৰতিটো পঞ্চায়তত ৰূপায়িত আঁচনিৰ বাবদ নিৰ্দিষ্ট কমিছন লোৱাৰ অভিযোগ বিধায়কজনৰ বিৰুদ্ধে (Scam in govt schemes) ৷

ইয়াৰ উপৰিও সীমান্ত উন্নয়ন আঁচনিৰ কোটি কোটি টকাৰ কেলেংকাৰী, অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰাকে ধৰি প্ৰতিটো কামৰ বাবদ গৌৰীপুৰ সমষ্টিত নিজৰ সাংগো পাংগো আৰু বিধায়কগৰাকীৰ ব্যক্তিগত সহায়কৰ জৰিয়তে কমিছন ৰাজ চলাই যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বিধায়কজনৰ বিৰুদ্ধে (Gauripur MLA Nizanur Rahman) ।

ইফালে বিধায়ক পুঁজিৰ প্ৰতিটো কাম বিধায়কগৰাকীৰ ভাতৃ আৰু তেওঁৰ ব্যক্তিগত সহায়কৰ নামত আৱণ্টন দি নাম মাত্ৰ কাম কৰি আৱণ্টিত ধনৰ সৰহভাগেই আত্মসাৎ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে কমিটিয়ে । সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখা আৰু চি বি আই তদন্তৰ দাবী কৰিছে সংগঠনটোৰ গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা কমিটিয়ে ।

লগতে পঢ়ক :Dilapidated Bamboo bridge : জৰাজীৰ্ণ বাঁহৰ দলঙে কন্দুৱাইছে ওৰাঙৰ বৰছলাবাসীক

ABOUT THE AUTHOR

...view details