ধুবুৰী, 22 মে’:সদৌ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ(All Assam Garia Maria Desi Jatiya Parishad) ধুবুৰী জিলা সভাপতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Mozammel Haque arrested in Dhubri)। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ জিলা সভাপতি মোজাম্মেল হকক দেওবাৰে ধুবুৰী আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতৰ কাষতেই আৰক্ষীৰ বিৰুদ্ধে মূর্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ।
ধুবুৰী আৰক্ষীক আক্ৰমণৰ লগতে আৰক্ষীৰ বাহন ক্ষতি সাধন কৰাৰ অভিযোগত অভিযুক্তক ৰক্ষণাবেক্ষণ আৰু আৰক্ষীৰ কৰ্তব্য পালনৰ বাধা দিয়া আদি বিভিন্ন অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সভাপতি মোজাম্মেল হকক । শনিবাৰে নিশা মোজাম্মেল হকৰ নিজা বাসগৃহৰ পৰাই ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে ধুবুৰী সদৰ থানাৰ অন্তৰ্গত আদাবাৰী অঞ্চলত এহাল প্ৰেমিক-প্ৰেমিকাৰ প্ৰেমজনিত ঘটনাক লৈ সৃষ্টি হৈছিল উত্তেজনাৰ । একাংশ উত্তেজিত লোকে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল । উক্ত ঘটনাত আৰক্ষীক কৰ্তব্য পালনত বাধা প্ৰদান আৰু আৰক্ষীক আক্ৰমণ কৰা একাংশ দোষী ব্যক্তিক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত আৰক্ষীয়ে ধুবুৰী সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৫৭/২২ নম্বৰত মোজাম্মেল হকৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছিল ।