ধুবুৰী, 4 ডিচেম্বৰ :লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত দেশী জনগোষ্ঠীয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ(Protest against Sikha Sarma) । শুকুৰবাৰে নিশা ঐতিহাসিক পানবাৰী মছজিদত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ গৈ দেশী জনগোষ্ঠীক লৈ বিতৰ্কিত মন্তব্য কৰাৰ লগতে দেশী কোন বুলি প্ৰশ্ন উত্থাপন কৰিছিল লেখিকা শিখা শৰ্মাই ।
তাৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে দেশী জনগোষ্ঠীয় মঞ্চ । শনিবাৰে সদৌ অসম দেশী জনগোষ্ঠীয় মঞ্চ(All Assam Deshi Janagosthiya manch)ৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত শিখা শৰ্মাৰ বিৰুদ্ধে হাতে হাতে প্লে'কাৰ্ড ৰাজপথলৈ ওলাই আহি শতাধিক দেশী জনগোষ্ঠীয় লোক ৷