পশ্চিম বিলাসীপাৰা,৩ ছেপ্তেম্বৰ :পুনৰ বিতৰ্কৰ মাজত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা । বঙালী সমাজ তথা বঙালী সম্প্ৰদায়ৰ বিৰুদ্ধে কটু মন্তব্য কৰি বিপদত নেতাগৰাকী । ৰাজ্য ভিন্ন প্ৰান্তত বঙালী সংগঠনসমূহে শৃংখল চলিহাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।
বীৰ লাচিত সেনাৰ নেতাগৰাকীক গ্ৰেপ্তাৰৰ দাবী তুলিছে বহু বঙালী সংগঠনে । বাকী জিলাসমূহৰ দৰে ধুবুৰী জিলাৰ সাপটগ্ৰাম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনেও শৃংখল চলিহাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।উল্লেখ্য যে বঙালী সমাজৰ বিৰুদ্ধে কৰা কটু মন্তব্য কৰাৰ অভিযোগ উঠিছিল শৃংখল চলিহাৰ বিৰুদ্ধে । তেওঁৰ ভাষ্য সামাজিক মাধ্যমত প্ৰচাপ হোৱাৰ পাছতে এতিয়া তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বঙালী সংগঠনসমূহ ।