ধুবুৰী,২২ মে': শনিবাৰে ধুবুৰীৰ গৌৰীপুৰত উপস্থিত হয় ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ(Akhil Gogoi in Dhuburi) । গৌৰীপুৰ পুথিভড়ালত এখন কৰ্মী সভাত উপস্থিত হৈ কেতবোৰ বিস্ফোৰক মন্তব্য অখিল গগৈৰ । ঐতিহাসিক গৌৰীপুৰৰ ৰজাঘৰীয়া হাৱামহলটো সংৰক্ষন কৰাৰ দাবী উত্থাপন কৰে বিধয়াক অখিল গগৈয়ে ৷
ৰাজ হাউলীটো সংৰক্ষণৰ কথা কৈ তেঁও কয় যে এই হাউলীত বহু স্মৃতি জড়িত হৈ আছে । ভূপেন হাজৰিকা প্ৰতিমা পাণ্ডে বৰুৱাৰ এসময়ত এই হাউলী কৰ্মস্থলী আছিল বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে । লগতে মহলটোত থকা ৰজা দিনীয়া তথা মৌজাদাৰ জমিদাৰৰৰ দিনৰ সা-সামগ্ৰীৰো সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই ।
ইফালে বান পৰিস্থিতি সন্দৰ্ভতো মত ব্যক্ত কৰে বিধায়ক গৰাকীয়ে(Akhil Gogoi on Flood situation) । ডিমা হাছাওত বান গৰাখহনীয়াৰ মূল কাৰণ তিনিটা বুলি অভিহিত কৰে । ৰে'ল বিভাগৰ অপৰিকল্পিত ৰে'ললাইন নিৰ্মাণ, ডিমা হাছাওৰ পাহাৰত ব্যাপক ৰূপত কয়লা খনন আৰু শিল-বালি মাফিয়াই কৰা লুণ্ঠনৰ পৰিপ্ৰেক্ষিতত কোনোদিনে বানপানী নোহোৱা ডিমা হাছাওত বান গৰাখহনীয়াই ভয়াবহ ৰূপ লৈছে বুলি মন্তব্য গগৈৰ ।
বানৰ সময়ত অমিত শ্বাহৰ অসমলৈ কিয় মনত নপৰে বুলি প্ৰশ্ন গগৈৰ । দিল্লীৰ পৰা এটা ফোন কৰাতেই দায়িত্ব সীমাবদ্ধ বুলি মন্তব্য কৰি অৰুণাচললৈ আহি অসমৰ বান পৰিস্থিতিৰ খবৰ ল’বলৈ কিয় আহৰি নাই বুলিও প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে । লগতে বান মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰ বিজেপি চৰকাৰে ব্ৰহ্মপুত্ৰ খনন নকৰাৰ ফলস্বৰূপে আজি এই বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে গগৈয়ে ৷