ধুবুৰী, 25 ছেপ্টেম্বৰ : কৃষক সকলৰ লগতে সৰ্ব সাধাৰণ ৰাইজক মাধমাৰ সোধাই সদনৰ মজিয়াত বিৰোধীক এঘৰীয়া কৰি নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কৃষি বিধেয়ক গৃহীত কৰে ৷ তাৰ পিছে পিছে অত্যাৱশ্যকীয় সামগ্ৰী বিধেয়ক গৃহীত কৰিলে, য’ত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকিব । বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছতেই আলু, পিয়াঁজ, ডালি, মিঠাতেল আদি আৰু অত্যাৱশ্যকীয় সামগ্ৰী হৈ নাথাকিব ।
পুঁজিপতিয়ে নিজৰ ইচ্ছা মতেই মূল্য নিৰ্ধাৰণ কৰিব পাৰিব সামগ্ৰীৰ । বিধেয়ক খন গৃহীত হোৱাৰ পিছতেই সমগ্ৰ দেশ তথা ৰাজ্যজুৰি প্ৰতিবাদৰ জুই জ্বলিছে । প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও । জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি হেমেন চক্ৰৱৰ্তীয়ে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিজেপি দলটোক তেওঁলোকে বণিক শ্ৰেণীৰ দল বুলি আখ্যা দিছে । বিজেপিয়ে সকলো সময়তে বণিক শ্ৰেণীৰ বাবে কাম কৰে আৰু বিজেপিক ধনৰ যোগান ধৰে বাবেই বণিক গোষ্ঠীৰ হকে কাম কৰে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ।