অসম

assam

By

Published : Feb 13, 2021, 6:31 AM IST

ETV Bharat / state

চাপৰত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী

পূব-বিলাসীপাৰা সমষ্টিত তৃণমূল পৰ্যায়ত শক্তিশালীহৈ উঠিবলৈ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয় পৰিষদে । চাপৰৰ প্ৰগতি ভৱনত আয়োজিত অসম জাতীয় পৰিষদৰ এখন সভাত বিভিন্ন দলৰ প্ৰায় শতাধিক কৰ্মীয়ে দলটোত যোগদান কৰে ।

চাপৰত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী
চাপৰত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী

পূৱ বিলাসীপাৰা,13 ফেব্ৰুৱাৰী:২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ স্থিতি সবল কৰাৰ বাবে বিভিন্ন পন্থা হাতত লৈছে । সমান্তৰালকৈ, নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদেও বিভিন্ন জিলাত নিজৰ ভেঁটি সূদৃঢ় কৰাৰ বাবে চেষ্টা অব্য়াহত ৰাখিছে । আন আন জিলাৰ দৰে ধুবুৰী জিলাতো দলটোৱে শক্তিশালী ৰূপত থিয় হ'বলৈ বিশেষ কাৰ্যপন্থা হাতত লৈছে ।

পূৱ-বিলাসীপাৰা সমষ্টিত তৃণমূল পৰ্যায়ত শক্তিশালীহৈ উঠিবলৈ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰে দলটোৱে । য'ত বহুলোকে নতুন দলটোত যোগদান কৰা দেখা যায় । সমষ্টিটোৰ চাপৰৰ প্ৰগতি ভৱনত আয়োজিত অসম জাতীয় পৰিষদৰ এখন সভাত বিভিন্ন দলৰ প্ৰায় শতাধিক কৰ্মীয়ে দলটোত যোগদান কৰে ।

যোগদান কাৰ্যসূচীত দলটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ইমদাদুল হুছেইন সহ কেইবাগৰাকী নেতা উপস্থিত থাকে । অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই জনোৱা মতে ৰাজ্য়ৰ গোটেই কেইটা সমষ্টিতে দলটোৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । লগতে দাবী কৰে যে নিৰ্বাচনত দলটোৱে অতি কমেও ৬৫ খন লাভ কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক:অসমৰ প্ৰাক্তন মন্ত্ৰী আফজালুৰ ৰহমানৰ বিয়োগ

ABOUT THE AUTHOR

...view details