ধুবুৰী,1অক্টোবৰঃ "ইউ পি এ চৰকাৰৰ দিনত নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ ইচ্ছুক লৈ ঘনে ঘনে প্ৰতিবাদ কৰিছিল বিজেপিৰ নেতা সকলে । কিন্তু নিবনুৱা সমস্যা সমাধান আৰু মূল্যবৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দি দিল্লী আৰু দিছপুৰ দখল কৰিছিল বিজেপিয়ে । যদিও প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ ওলোটা ছবিহে বৰ্তমান স্পষ্ট হৈছে । মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত বিৰোধীয়ে যি ধৰণে ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেইধৰণে ভূমিকা গ্ৰহণ কৰা নাই ।" - মঙলবাৰে ধুবুৰীত ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে ৷
"মূল্যবৃদ্ধি হোৱাৰ সময়ত বিৰোধীৰ ভূমিকা শূণ্য"-বদৰুদ্দিন আজমল - এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল
"ইউ পি এ চৰকাৰৰ দিনত যিকোনো সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ লগে লগে বিজেপিৰ নেতা সকলে প্ৰতিবাদত নামিছিল । কিন্তু বৰ্তমান মূল্যবৃদ্ধি হোৱাৰ সময়তে বিৰোধীৰ ভূমিকা শূন্য । শুই আছে কংগ্ৰেছ আৰু বিজেপি ।" এই মন্তব্য এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ ।
!["মূল্যবৃদ্ধি হোৱাৰ সময়ত বিৰোধীৰ ভূমিকা শূণ্য"-বদৰুদ্দিন আজমল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4615910-754-4615910-1569934313694.jpg)
তেওঁ লগতে কয় যে বিজেপি চৰকাৰে ৰাইজক পোন্ধৰ লাখ টকাকৈ দিয়াৰ কথা আছিল কিন্তু সেয়াও নিদিলে ৷ ইপিনে এনে সময়ত বিৰোধী কংগ্ৰেছে মূল ভূমিকা লব পৰা নাই বুলিও কংগ্ৰেছক কটাক্ষ কৰে সাংসদগৰাকীয়ে । ইফালে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদৰ মজিয়াত পুণৰ উত্থাপন কৰি বিতৰ্কিত বিধেয়কখন গৃহীত কৰাৰ বাবে বিজেপিয়ে দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈ পৰিছে যদিও এ আই ইউ ডি এফে এই বিধেয়কৰ বিৰোধিতা কৰিছে আৰু বিৰোধিতা কৰি যাব বুলিও উল্লেখ কৰে আজমলে ।
আনহাতে কংগ্ৰেছৰে মিত্ৰতা সম্পৰ্কত সাংসদ গৰাকীয়ে কয় যে, এতিয়ালৈকে আনুষ্ঠানিক মিত্ৰতা হোৱা নাই। সন্মুখৰ উপ নিৰ্বাচনত কেৱল জনীয়া সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে বাকী তিনিটা সমষ্টি কংগ্ৰেছৰ বাবে এৰি দিছে বুলি উল্লেখ কৰি আজমলে কয় কংগ্ৰেছৰ ওপৰত সদায় আশীৰ্বাদ আছে ।