অসম

assam

ETV Bharat / state

জাবেদ ইছলামক ভোট দিলে গাহৰিৰ মাংস খাব লাগিবঃ আজমল

মানকাচৰৰ নিৰ্বাচনী সভাত আজমলৰ সাম্প্ৰদায়িক মন্তব্যই গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি ৷ নিৰ্বাচনী সভাত বিশ্বনাথ কাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজমলে বিজেপিক তীব্ৰ সমালোচনা কৰে ৷

মানকাচৰৰ নিৰ্বাচনী সভাত আজমলৰ সাম্প্ৰদায়িক মন্তব্য

By

Published : Apr 18, 2019, 1:18 PM IST

দঃশালমাৰা,18এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী ৷ মানকাচাৰত মৌলানা বদৰুদ্দিন আজমলে নিজৰ প্ৰচাৰ চলাবলৈ বুধবাৰে অনুষ্ঠিত কৰে এক নিৰ্বাচনী সভা। হেলিকপ্টাৰেৰে ৰাইজক চমক দিব বিচৰা আজমলে মানকাচৰৰ নিৰ্বাচনী সভাত ৰাইজৰ সঁহাৰি কম দেখি এটাৰ পাচত আন এটা সাম্প্ৰদায়িক মন্তব্য কৰা পৰিলক্ষিত হয়। এই নিৰ্বাচনী সভাত বিশ্বনাথ কাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজমলে বিজেপিৰ লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামক ক্ষুৰধাৰ সমালোচনা কৰে ৷ জাবেদ ইছলামক ভোট দিলে গাহৰিৰ মাংস খাব লাগিব বুলি সাম্প্ৰদায়িক মন্তব্য কৰে মৌলানাগৰাকীয়ে । ইপিনে জাবেদ ইছলামক মুছলমানৰ এক নম্বৰ শত্ৰু বুলিও মন্তব্য কৰে আজমলে৷

মানকাচৰৰ নিৰ্বাচনী সভাত আজমলৰ সাম্প্ৰদায়িক মন্তব্য

উল্লেখ্য যে মানকাচৰ এ আই ইউ ডি এফৰ সভাপতি নজমুল আৰপিনৰ সভাপতিত্বত অনুষ্ঠিত এই নিৰ্বাচনী সভাত দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অমিনুল ইছলাম, আদিত্য লাংথাছা উপস্থিত থাকে।

ABOUT THE AUTHOR

...view details