পশ্চিম বিলাসীপাৰা, 22 ফেব্ৰুৱাৰী:বিলাসীপাৰাৰ পৰা অসমৰ ৰাজনৈতিক মহল ঘোলা কৰিছে আজমলে । নিৰ্বাচনৰ পিচত ভোটাৰক পাহৰি যোৱা আজমলে 2024 ৰ লোকসভা নিৰ্বাচনক লৈ বাহৰ পাতিছে বিলাসীপাৰাত । সঘনাই বিলাসীপাৰাত দেখা গৈছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলক (AIUDF chief Badaruddin Ajmal) । মঙলবাৰে বিলাসীপাৰাত কেইবাটাও বিস্ফোৰণ ঘটাইছিল আজমলে । বুধবাৰেও বিলাসীপাৰাত নতুনকৈ কথাৰ বোমা ফুটালে সাংসদগৰাকীয়ে ।
তেওঁ কয়, ‘‘উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান শত্ৰু (Badruddin Ajmal On PM Modi) । এই দুজন মোদীৰ গ্ৰুপৰ নহয় । মোদীয়ে কয় মুছলমানৰ লগত ভাল সম্পৰ্ক ৰাখক, মুছলমানৰ ভাল কৰক । কিন্তু এই দুজনে সদায় মুছলমানৰ বিৰুদ্ধে কাম কৰে । এই দুজন প্ৰধানমন্ত্ৰী মোদীৰ বিপৰীত গোটৰ মানুহ ।’’
ইফালে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই AIUDF আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লোৱা সন্দৰ্ভত আজমলৰ ডবল প্ৰতিক্ৰিয়া (Badruddin Ajmal reacted over Bhupen Bora comments) ৷ তেওঁ কয়, ‘‘টকা লৈ কোনোবাই কয় নেকি যে, মই টকা লৈছোঁ বুলি । ভূপেন বৰাই নিতৌ গৈ হিমন্তৰ পৰা টকা লয় । নিৰ্বাচনৰ পূৰ্বে মই প্ৰমাণ দিম ৷ যদি ভূপেন বৰাৰ ৰাজনৈতিক জ্ঞান নাই, তেওঁ ৰাজনীতি এৰক আৰু কোনো মন্দিৰত গৈ মালা জপক ৷’’ ইয়াৰ লগতে কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভতো আজমলে কৰিলে বিস্ফোৰক মন্তব্য ৷ ভূপেন বৰাই ধুবুৰীত নিৰ্বাচন খেলিলে ৫০ শতাংশ টকা বহন কৰিব আজমলে ৷