ধুবুৰী, 30 আগষ্ট : বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতৃত্বত গঠন হৈছিল মহাজোট বন্ধন । কিন্তু নিৰ্বাচনত মহাজোটে আশানুৰূপ ফলাফল লাভ কৰিব নোৱাৰাৰ পিছৰ পৰাই মহাজোটৰ ভেটি থৰক বৰক হ’বলৈ ধৰে । কেতিয়াবা যদি কংগ্ৰেছে এ আই ইউ ডি এফক আক্ৰমণ কৰিছে , কেতিয়াবা আকৌ এ আই ইউ ডি এফে কংগ্ৰেছক সমালোচনা কৰিছে । তাৰ মজতে মিত্ৰতা ভংগ হ’ল দুয়োটা দলৰ ৷
লগতে পঢ়ক :এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগ : কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠকত সিদ্ধান্ত
মহাজোটৰ ৰাজনীতিত যেন হেঙাৰ হৈ থিয় দিছিল অখিল গগৈয়ে । অখিল গগৈৰ স্থিতিক লৈ এতিয়া প্ৰশ্ন তুলিছে এ আই ইউ ডি এফে ।
সোমবাৰে মিত্ৰতা ভংগৰ পূৰ্বেই ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘‘ৰাজ্যৰ ৰাজনীতিত মহাজোটৰ প্ৰয়োজন আছে সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিবলৈ । আমি AICC ৰ লগতহে মিত্ৰতা কৰিছোঁ ।’’