ধুবুৰী, 26 ছেপ্তেম্বৰ :ছিপাঝাৰৰ গৰুখুটি কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । উচ্ছেদৰ নামত চৰকাৰে স্বদেশী নাগৰিকৰ ওপৰত নিৰ্যাতন চলোৱা বুলি সৰ্বত্ৰে অভিযোগ উত্থাপিত হৈছে । গৰুখুটিৰ উচ্ছেদ কাণ্ড আৰু চৰকাৰৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ৷ গৰুখুটিৰ উচ্ছেদ কাণ্ড বিৰোধিতাৰে শনিবাৰে ধুবুৰীত জিলা এআইইউডিএফে(AIUDF) জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে মৌন প্ৰতিবাদ ।
AIUDF ৰ অভিযোগ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংখ্যালঘূ ৰাইজৰ ওপৰত চলি আছে নিৰ্যাতন ৷ কিন্তু গৰুখুটি কাণ্ডক লৈ AIUDF দলৰ মুৰব্বী সাংসদ তথা নিজকে সংখ্যালঘূৰ ত্ৰাণকৰ্তা বুলি ঢাক-ঢোল বজাই থকা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ লগতে দলীয় নেতৃত্ব নিৰুদ্দেশ হৈ থকাৰ অভিযোগ উত্থাপন হৈছিল ৷ পৰৱৰ্তী সময়ত এই বাতৰিয়ে সংবাদ মাধ্যমতো যথেষ্ট চৰ্চা লাভ কৰিছিল ৷
লগতে পঢ়ক:শীতল মস্তিষ্কৰে গৰুখুটিৰ ঘটনা পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মাই: অখিল গগৈ