পূৱ বিলাসীপাৰা,১১ মাৰ্চ:প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে চৰম ৰূপ লৈছে ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰা সমষ্টিত । বুধবাৰে সমষ্টিটোত মিত্ৰদল এআইইউডিএফৰ প্ৰাৰ্থিত্বৰ নাম ঘোষণা কৰাৰ লগে লগে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে । এআইইউডিএফৰ প্ৰাৰ্থী ছামছুল হুদাৰ নাম ঘোষণা কৰাৰলৈ সন্তুষ্ট নহয় সমষ্টিটোৰ একাংশ দলৰ কৰ্মী । তেওঁলোকৰ অভিযোগ বৃহৎ ধনৰ বিনিময়ত ছামছুল হুদাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদানৰ নামত ব্যৱসায় কৰাৰ অভিযোগ দলৰ কৰ্মীসকলৰ । বিধায়িনী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাছিমীয়ে টকা লৈ পূৱ বিলাসীপাৰাৰ প্ৰাৰ্থিত্ব প্ৰদানত অগ্ৰণী ভূমিকা পালনৰ অভিযোগ কৰ্মী সকলৰ ।
চাপৰত দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে এআইইউডিএফ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ - aiudf protest at sapor
ক্ৰমাৎ হিংসাত্মক হৈ উঠিছে ২৭ নং পূৱ বিলাসীপাৰাৰ ৰাজনীতি । যোগ্য প্ৰাৰ্থীক টিকট প্ৰদান নকৰাত ক্ষোভিত দলৰ কৰ্মীসকল । বিধায়িনী দলৰ দলপতি হাফিজ বছিৰ আহমেদ কাছিমীৰ পুত্তলিকা দাহ কৰিলে কৰ্মীসকলে ।
চাপৰত দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে এআইইউডিএফ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ
পুৰণি তথা জেষ্ঠ কৰ্মীক গুৰুত্ব নিদি গণ ভিত্তি নথকা প্ৰাৰ্থীক টিকট প্ৰদানক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদকাৰী কৰ্মীসকলে হাফিজ বছিৰ আহমেদ কাছিমীৰ পুত্তলিকা দাহ কৰাৰ লগতে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । লগতে এআইইউডিএফ কৰ্মীসকলে বিকল্পৰ চিন্তা কৰা বুলিও দাবী কৰে ।
লগতে পঢ়ক:শিৱৰাত্ৰি উপলক্ষে শিৱসাগৰৰ আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱত ভক্তৰ ভিৰ
TAGGED:
aiudf protest at sapor