অসম

assam

ETV Bharat / state

শুদ্ধ আৰু বিদেশী মুক্ত এন আৰ চি প্ৰকাশৰ দাবী এ আই ইউ ডিএফৰ

এন আৰ চি প্ৰকাশৰ পূৰ্বে এন আৰ চি প্ৰসংগত এ আই ইউ ডি এফৰ সংবাদমেল । এ আই ইউ ডি এফৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামে সংবাদমেল সম্বোধন কৰি উত্থাপন কৰিলে অভিযোগ ।

By

Published : Aug 20, 2019, 10:18 PM IST

এ আই ইউ ডি এফৰ সংবাদমেল

ধুবুৰী,20আগষ্টঃ 31 আগষ্টত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকা । মাজত মাথো কেইটাদিন বাকী থকাৰ সময়তে দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীত মঙলবাৰে এন আৰ চি সন্দৰ্ভত এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমিনুল ইছলামৰ সংবাদমেল সম্বোধন কৰে। হাটশিঙিমাৰী আৱৰ্ত্ত ভৱনত অনুষ্ঠিত হোৱা এই সংবাদমেলত আমিনুল ইছলামে ৰাজ্য আৰু ভাৰত চৰকাৰক এখন শুদ্ধ আৰু বিদেশী মুক্ত এন আৰ চি প্ৰকাশৰ দাবী জনায় ৷ আনহাতে চূড়ান্ত তালিকা প্ৰকাশৰ পিছত বাকী থকা কাম বিধানসভাত সম্পন্ন কৰাৰ প্ৰসংগত ক্ষুব্ধ হৈ পৰে এ আই ইউ ডি এফৰ সাংগঠনিক সম্পাদক গৰাকী ।

এ আই ইউ ডি এফৰ সংবাদমেল

ABOUT THE AUTHOR

...view details