অসম

assam

ETV Bharat / state

সাংসদ বদৰুদ্দিন আজমলক কৃতজ্ঞতা ধুবুৰীবাসীৰ - সাংসদ আজমলক কৃতজ্ঞতা জ্ঞাপন

বদৰুদ্দিন আজমলক কৃতজ্ঞতা ধুবুৰীবাসীৰ ৷ ২০০৯ চনৰ পৰা সংসদৰ মজিয়াত দলংখন নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰি অহাৰ ফলতে কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰৰ বুকুত এছিয়াৰ ভিতৰত সৰ্ববৃহৎ দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে ৩১শ ৬৬ কোটি টকা আৱণ্টন দিছে দলং নিৰ্মাণৰ বাবে ৷

AS_DHB_AIUDF_MEETING_img_7203850
সাংসদ বদৰুদ্দিন আজমলক কৃতজ্ঞতা ধুবুৰীবাসীৰ

By

Published : Nov 19, 2020, 7:57 PM IST

ধুবুৰী, 19 নৱেম্বৰ: সাংসদ বদৰুদ্দিন আজমলক কৃতজ্ঞতা ধুবুৰীবাসীৰ ৷ ব্ৰহ্মপুত্ৰৰ বুকুত এখন দলং নিৰ্মানৰ বাবে বহু দিনৰ পৰা দাবী উত্থাপন কৰি আহিছিল সমষ্টিটোৰ ৰাইজে ৷ ধুবুৰী সমষ্টিৰ দীৰ্ঘদিনীয়া যাতায়তৰ সমস্যাৰ বাবে এখন দলংৰ অতি প্ৰয়োজন আছিল ৷ সমষ্টিবাসীৰ সুবিধাৰ বাবে সংসদৰ মজিয়াত ব্ৰহ্মপুত্ৰৰ বুকুত ধুবুৰী ফুলবাৰীৰ দলং নিৰ্মাণৰ বাবে প্ৰবল দাবী উত্থাপন কৰি আহিছিল সাংসদ গৰাকীয়ে ৷

সাংসদ বদৰুদ্দিন আজমলক কৃতজ্ঞতা ধুবুৰীবাসীৰ

২০০৯ চনৰ পৰা সংসদৰ মজিয়াত দলংখন নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰি অহাৰ ফলতে কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰৰ বুকুত এছিয়াৰ ভিতৰত সৰ্ববৃহৎ ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৩১ শ ৬৬ কোটি টকা আৱণ্টন দিছে বুলি সদৰী কৰে ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হকে ৷

সাংসদ বদৰুদ্দিন আজমলক কৃতজ্ঞতা ধুবুৰীবাসীৰ

নিৰ্বাচনৰ পূৰ্বে দলংখনৰ আধাৰশিলা স্থাপন কৰি নির্মাণকাৰ্য আৰম্ভ কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে,কেন্দ্ৰীয় চৰকাৰে দলং খনৰ আধাৰশিলা স্থাপন কৰাৰ সময়ত সাংসদ বদৰুদ্দিন আজমলক নিমন্ত্ৰণ জনাবলৈ দাবী উত্থাপন কৰে বিধায়ক গৰাকীয়ে ।

সাংসদ বদৰুদ্দিন আজমলক কৃতজ্ঞতা ধুবুৰীবাসীৰ

বৃহস্পতিবাৰে ধুবুৰী জিলাবাসীৰ হৈ জিলা এ আই ইউ ডি এফে সাংসদ আজমলক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ ধুবুৰীৰ আদাবাৰী অঞ্চলত এক শোভাযাত্ৰা উলিয়ায় ৷ শোভাযাত্ৰাৰ অন্তত এখন কৃতজ্ঞতা সভা অনুষ্ঠিত কৰি সাংসদ বদৰুদ্দিন আজমল জিন্দাবাদ ধ্বনিৰে ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চল মুখৰিত কৰি তোলে ৷

লগতে পঢ়ক:টাইমচ মিউজিকৰ বেনাৰত ৰাইজলৈ মুকলি নতুন এলবাম "নিৰিবিলি"

ABOUT THE AUTHOR

...view details