ধুবুৰী, 7 ফেব্ৰুৱাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰ যুক্ত পথ মেৰামতি সম্পূৰ্ণ কৰাৰ দাবীত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে এ আই ইউ ডি এফৰ কৰ্মীয়ে ৷ হাটশিঙিমাৰীস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বেনাৰ পোষ্টাৰ হাতত লৈ বিভিন্ন শ্ল'গানেৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে দলটোৰ কৰ্মীসকলে ৷ লগতে কাঁইটীয়া তাঁৰ যুক্ত পথৰ মেৰামতি সম্পূৰ্ণ কৰাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে এ আই ইউ ডি এফৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামে ।
কাঁইটীয়া যুক্ত পথ মেৰামতি দাবীত AIUDF কৰ্মীৰ প্ৰতিবাদ - AIUDF leader protest at dhubri
হাটশিঙিমাৰীত এ আই ইউ ডি এফৰ উত্তাল প্ৰতিবাদ । মানকাচৰ ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাঁৰ যুক্ত পথ মেৰামতি সম্পূৰ্ণ কৰাৰ দাবীত হাটশিঙিমাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে এ আই ইউ ডি এফ কৰ্মীয়ে ।
উল্লেখ্য যে, বিগত বৰ্ষত বানে অতি ভয়াৱহ ৰূপ ধাৰণ কৰি ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া তাৰ সহ খহাই নিছিল সীমান্তৰ একাংশ পথ । বাংলাদেশৰ পানীয়ে ভয়াৱহ সংকট চপাই আনিছিল সীমান্ত অঞ্চললৈ । পিছত মুখ্যমন্ত্ৰীৰ উপৰিও ঘটনাস্থলীত কেইবাজনো মন্ত্ৰী সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ লগতে শীঘ্ৰেই সীমান্ত ছিল কৰাৰ বিপৰীতে পথটো মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে ৷ কিন্তু বৰ্তমান পৰ্যন্ত মেৰামতি কৰা ন'হল গুৰুত্বপূৰ্ণ পথটো ৷
আৰু পঢ়কঃ NIA কাৰ্যালয়ত মাৰাথান জেৰাৰ সন্মুখীন IIT ৰ অধ্যাপক