পূৱ বিলাসীপাৰা,২৪ মাৰ্চ: মঙলবাৰে এআইইউডিএফ-ৰ সভাপতি বদৰুদ্দিন আজমলে পূৱ বিলাসীপাৰা সমষ্টিৰ মহাজোঁট সমৰ্থিত এআইইউডিএফ-ৰ প্ৰাৰ্থী ছামচুল হুদাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । ধুবুৰীৰ চাপৰত আয়োজিত নিৰ্বাচনী সভাত অংশ লৈ বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি আজমলে কয় যে, যদি সাহস আছে, তেন্তে অসম চুক্তি ৰূপায়ণ কৰি দেখুওৱাক । লগতে আজমলে কয় যে, ডঃ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ পৃথিৱীৰ ভিতৰত কেৱল তেওঁলৈহে ভয় কৰে । সপোনে-দিঠকে, কেৱল বদৰুদ্দিন আজমলক দেখা পায় । আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহেও তেওঁলৈ ভয় কৰে বুলি তাচ্ছিল্য কৰে এআইইউডিএফ-ৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ।
তেওঁ কয় যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান তথা মিঞাৰ ভোট নালাগে বুলি কৈছিল । এতিয়া মুছলমানৰ ভোট নহ'লে জিকিব নোৱাৰে । বিজেপিয়ে সেয়ে এতিয়া মুছলমানক ভাল পায় আৰু ভোট লাগে । কিন্তু বদৰুদ্দিন আজমলকহে বেয়া পায় বুলি তেওঁ মন্তব্য কৰে । অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে বিজেপিৰ হৈ কাম কৰি আছে বুলিও আজমলে অভিযোগ উত্থাপন কৰে ।