ধুবুৰী,7 অক্টোবৰ: লক ডাউনৰ সময়ত দেশ-বিদেশৰ পৰা বহু নিবনুৱাই কৰ্ম সংস্থাপন হেৰুৱাই নিজ গৃহ জিলালৈ ওভতাৰ সময়তে ধুবুৰীৰ এচাম নৱ প্ৰজন্মই কৰ্ম সংস্থাপনৰ বাট মোকোলাই দি নিবনুৱাসকলৰ মাজত আশাৰ সঞ্চাৰ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷
নতুনকৈ গঠন হোৱা অল ইণ্ডিয়া এডুকেশ্যন হেল্থ এণ্ড চ’ছিয়েল চাৰ্ভিছ নামৰ ট্ৰাষ্ট এটাই নিবনুৱাসকলৰ বাবে কঢ়িয়াই আনিছে সুখবৰ । ট্ৰাষ্টৰ ফালৰ পৰা নিয়োগ কৰা হৈছে শ শ স্বেচ্ছাসেৱী । যি সকল স্বেচ্ছাসেৱীয়ে সকলোৰে ঘৰলৈ গৈ ল’ৰা-ছোৱালীৰ লিখা-পঢ়া আৰু স্বাস্থ্যৰ খা-খবৰ ল’ব । ট্ৰাষ্টৰ পৰা হিতাধিকাৰীসকলক একোখনকৈ জীৱন ৰক্ষা কাৰ্ড প্ৰদান কৰা হ’ব আৰু এই কাৰ্ডৰ জৰিয়তে কাৰ্ডপ্ৰাপ্ত হিতাধিকাৰীয়ে নিৰ্দিষ্ট চিকিৎসালয়ৰ পৰা লাভ কৰিব বিশেষ সুবিধা । তাৰোপৰি নিৰ্দিষ্ট ফাৰ্মাচীসমূহৰ পৰা ৰেহাই মূল্যত দৰৱ কিনিবলৈ এক বিশেষ সুবিধা লাভ কৰাৰ লগতে যিকোনো ৰোগৰ তেজৰ পৰীক্ষাকে ধৰি যিকোনো স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব ।