ধুবুৰী, 30 জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰ আৰু এনডিএফবি-কে ধৰি কেবাটাও সংগঠনৰ মাজত বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বিভিন্ন মহলত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বৃহস্পতিবাৰে ধুবুৰীত বিটিআৰ চুক্তি সম্পৰ্কে এআইইউডিএফে এক সংবাদমেল অনুষ্ঠিত কৰে । দলটোৰ দাবী বিটিআৰ চুক্তিৰ নামত যাতে অসমক দ্বি-খণ্ডিত কৰা নহয় । তদুপৰি চুক্তিখনৰ বিৰোধিতা নকৰিলে অসমখন দ্বি-খণ্ডিত হোৱাৰ পৰিকল্পনা ৰচা হৈছে বুলি শংকা প্ৰকাশ কৰিছে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফ দলে ।
ধুবুৰীত দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে অন্য দুগৰাকী সাধাৰণ সম্পাদকৰ সৈতে সম্বোধন কৰে সংবাদমেলখন । সংবাদমেলখনত বড়ো জনগোষ্ঠীয়ে দীর্ঘদিনে সংগ্ৰাম কৰি শান্তি আলোচনাৰ মাজেৰে বিটিআৰ চুক্তি স্বাক্ষৰিত কৰাত এআইইউডিএফে ইয়াৰ বিৰোধিতা কৰা নাই বুলি স্পষ্টীকৰণ প্ৰকাশ কৰে ৷ দলটোৰ সাধাৰণ সম্পাদক ইছলামে কয়, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কিছু মন্তব্যক লৈ শংকিত হৈছে এআইইউডিএফ । কাৰণ বিটিচি-ত ৭৫% শতাংশ অবড়ো মানুহে বাস কৰি আছে । বড়োসকলৰ দৰে অনা-বড়োকো সম অধিকাৰ দিয়াৰ দাবী উত্থাপন কৰে ইছলামে ।