অসম

assam

ETV Bharat / state

ধুবুৰীত AIUDFৰ নিৰ্বাচনী তৎপৰতা আৰম্ভ

ধুবুৰীত এ আই ইউ ডি এফৰ বিশাল কৰ্মী সভা। কৰ্মী সভাত উপস্থিত হৈ বিস্ফোৰক মন্তব্য বিধায়ক নজৰুল হকৰ। এ আই ইউ ডি এফে গোচৰ তৰিব মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে।

By

Published : Nov 8, 2020, 8:23 PM IST

aiduf-meeting-at-dhuburi
ধুবুৰীত AIUDFৰ নিৰ্বাচনী তৎপৰতা আৰম্ভ

ধুবুৰী,8 নৱেম্বৰঃ ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে শাসক বিৰোধী বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে। তাৰ সমান্তৰাল ভাৱে এ আই ইউ ডি এফেও আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। দেওবাৰে ধুবুৰী জিলা সমিতিৰ সৌজন্যত আৰু ২৩ নং ধুবুৰী সমষ্টি কমিটিৰ উদ্যোগত ধুবুৰীৰ কালাহাট ৰাজাকাটলী প্ৰেক্ষাগৃহত AIUDF দলৰ এখন কৰ্মীসভা অনুষ্ঠিত হয়। সভা খনত মূখ্য অতিথি হিচাপে উপস্থিতি থাকে এ আই ইউ ডি এফৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি মুফতি আব্দুল হক, নাওবৈছা সমষ্টিৰ বিধায়ক মামুন এমদাদুল হক ,ধুবুৰীৰ বিধায়ক নজৰুল হক আৰু স্থানীয় গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান ৷ লগতে জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা AIUDF কৰ্মী সকলেও ভাগ লয় এই কৰ্মীসভাখনত ।

ধুবুৰীত AIUDFৰ নিৰ্বাচনী তৎপৰতা আৰম্ভ

উক্ত সভাত এ আই ইউ ডি এফৰ ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হকে সাংবাদিকৰ আগত কয় যে, সাংসদ বদৰুদ্দিন আজমল অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহৰ হিতাৰ্থে কাম কৰি আহিছে। কিন্তু হিমন্ত‌ই অসমখনত অশান্তিৰ বাতাবৰণ সৃষ্টিৰ চেষ্টা চলাইছে। আনহাতে শিলচৰৰ বিমানবন্দৰত পাকিস্তান জিন্দাবাদ ধ্বনিৰ অন্তৰালত ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি তেওঁ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ ভয়ত হিমন্ত বাহিনী শংকিত হৈ চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ ধৰ্মীয় মেৰু বিভাজনৰ নিকৃষ্ট ৰাজনীতিত নামি পৰিছে।

ধুবুৰীত AIUDFৰ নিৰ্বাচনী তৎপৰতা আৰম্ভ

একেদৰে আজিজ খান জিন্দাবাদক পাকিস্তান জিন্দাবাদ দিয়া বুলি অসমখনত অশান্তিৰ বাতাবৰণ সৃষ্টিৰ চেষ্টা চলাইছে বুলি গুৰুতৰ অভিযোগ বিধায়ক নজৰুলৰ । ফেচবুক কৰ্তৃপক্ষই হিমন্তৰ মিথ্যাচাৰ উদঙাই দিয়া প্ৰসংগ উপস্থাপন কৰি কয় যে, সোনকালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি অসমবাসী ৰাইজৰ ওচৰত ৰাজহুৱা ভাৱে ক্ষমা নোখোজে, তেন্তে এ আই ইউ ডি এফৰ বহু কৰ্মীৰ উপৰিও দলীয়ভাৱে গোচৰ তৰিব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে।

ধুবুৰীত AIUDFৰ নিৰ্বাচনী তৎপৰতা আৰম্ভ

লগতে পঢ়কঃ অসম-মিজোৰাম সীমান্তত উপস্থিতি কংগ্ৰেছৰ সজাতি দলক আক্ৰমণ

ABOUT THE AUTHOR

...view details