ধুবুৰী , 26 মাৰ্চঃজৰা ফুঁকাৰ চিকিৎসা আৰু ৰাইজে নিবিচাৰে, ৰাইজক লাগে চিকিৎসকৰ চিকিৎসা । ধুবুৰী লোকসভা নিৰ্বাচনত অগপৰ পৰা প্ৰাৰ্থীত্ব পোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থী জাবেদ ইছলামে এইদৰে মন্তব্য কৰে ৷ সোমবাৰে জাবেদ ইছলামৰ নিজ সমষ্টি মানকাচাৰত অনুষ্ঠিত এখন কৰ্মী সভাত উপস্থিত হৈএই মন্তব্য কৰে ৷
জৰা ফুঁকাৰ চিকিৎসা ৰাইজে নিবিচাৰে, ৰাইজক লাগে চিকিৎসকৰ চিকিৎসা - জাবেদ ইছলাম
মানকাচাৰত উপস্থিত হৈ অগপ নেতা জাবেদ ইছলামৰ মন্তব্য

লোক সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিলে নিজ সমষ্টিত ৰাইজে জাবেদ ইছলামক সমৰ্থন কৰিব নে নাই তাৰ বাবে এই কৰ্মী সভাৰ আয়োজন কৰা হয় ৷ ইপিনে কৰ্মী সকলে প্ৰতিদ্বন্দিতা কৰিবলৈ সমৰ্থন কৰাত জাবেদ ইছলাম উৎসাহিত হৈ কয় যে তেওঁ অগপৰ পৰা টিকট বিচৰা নাই। কিন্তু দলে তেওঁক টিকট দিব বুলি কোৱাত ৰাইজৰ সমৰ্থন বিচাৰি নিজ সমষ্টিত উপস্থিত হয় ৷ আৰু অৱশেষত কৰ্মী সভাৰ জৰিয়তে প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত কৰে জাবেদ ইছলামে ।ইয়াৰোপৰি তেখেতে কয় যে কংগ্ৰেছে তেওঁলোকক সদায় ঠগি আহিছে। তৰুণ গগৈয়েও যদি কংগ্ৰেছৰ টিকট নাপায় তেখেত বিধায়ক হ'ব নোৱাৰিব, কিন্তু তেওঁলোক টিকট অবিহনেই জয়ী হৈছিল বুলি মন্তব্য কৰে অগপ নেতা জনে । আনহাতে ইয়াতে ক্ষান্ত নাথাকিঅগপ নেতা জাবেদ ইছলামে এই কৰ্মী সভাত আজমল আৰু কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে ।