ধুবুৰী, ২৩ জানুৱাৰী:অসমত আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল প্ৰদৰ্শনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ সাংগাঠনিক কাম-কাজ আৰম্ভ হৈছে । আন ৰাজনৈতিক দলৰ সমান্তৰালভাৱে অগপ দলেও সাংগাঠনিক তৎপৰতা আৰম্ভ কৰিছে (AGP meeting at Dhubri) । ইয়াৰে অংশৰূপে সোমবাৰে ধুবুৰীত অগপৰ জিলা সমিতিৰ শপতগ্ৰহণ আৰু কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হয় (AGPs district committee sworn in Dhubri)। এই সভাখনত অংশগ্ৰহণ কৰি দলটোৰ জ্য়েষ্ঠ নেতা ভূপেন ৰায়ে বিজেপিৰ লগতে এ আই ইউ ডি এফ আৰু কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে ।
সভাখনত জ্য়েষ্ঠ নেতা ভূপেন ৰায়ে কয়, "সংখ্যালঘু মিঞাৰ ভোট বিজেপিক নালাগিলেও অসম গণ পৰিষদক তেওঁলোকৰ ভোট লাগিব ।" এইদৰে মন্তব্য় কৰি তেওঁ পুনৰ কয় যে, অসমৰ সংখ্যালঘু ভোটাৰ অগপৰ লগত আছে (AGP leader Bhupen Roy)। পূৰ্বতেও মানকাচৰত সংখ্য়ালঘুৰ ভোটেৰে অগপই বিজয়ী হৈছিল । ধুবুৰীত অগপৰ জিলা সমিতিৰ শপতগ্ৰহণ আৰু কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য কৰে ।
উল্লেখ্য় যে ধুবুৰী অগপ জিলা পৰিষদ সমিতিৰ শপতগ্ৰহণ আৰু প্ৰথম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সমিতিৰ নৱ-নিৰ্ৱাচিত সভাপতি অমল কুমাৰ সাহাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অগপ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে দলৰ সাংগঠনিক দিশত বিশেষভাৱে আলোচনা কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা অগপ নেতা ভূপেন ৰায়ে লোকসভা নিৰ্বাচনলৈ অগপ সাজু বুলি উল্লেখ কৰি দলটোৱে অসমৰ সাতটা লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি কয় (AGP gear up for upcoming elections) ।