বিলাসীপাৰা,৩১ মাৰ্চ:দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ ইতিমধ্যে সমাপ্ত হৈছে । সেয়ে এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বাকী থকা সমষ্টিসমূহত চলিছে নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা । অভয়াপুৰী দক্ষিণ সমষ্টিতো আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ । অভয়াপুৰী দক্ষিণ সমষ্টিৰ বিভিন্ন প্ৰান্তত মিত্ৰদল অগপৰ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক্যক নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে ।
অভয়াপুৰীত মিত্ৰদলৰ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক্যৰ নিৰ্বাচনী প্ৰচাৰ - agp candidate campaign
চাপৰৰ নিকটৱৰ্তী ঝাউকুৰাত অভয়াপুৰী দক্ষিণ সমষ্টিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক্যৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । মহাজোঁটৰ প্ৰাৰ্থীগৰাকী কোনো ফেক্টৰ নহয় বুলি মন্তব্য পূৰ্ণেন্দু বণিক্যৰ ।
![অভয়াপুৰীত মিত্ৰদলৰ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক্যৰ নিৰ্বাচনী প্ৰচাৰ অভয়াপুৰী দক্ষিণ সমষ্টিত মিত্ৰদলৰ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক্যৰ নিৰ্বাচনী প্ৰচাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11222174-494-11222174-1617172271771.jpg)
অভয়াপুৰী দক্ষিণ সমষ্টিত মিত্ৰদলৰ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক্যৰ নিৰ্বাচনী প্ৰচাৰ
অভয়াপুৰী দক্ষিণ সমষ্টিত মিত্ৰদলৰ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক্যৰ নিৰ্বাচনী প্ৰচাৰ
সমষ্টিটোৰ বইটামাৰী ব্লকৰ অন্তৰ্গত ঝাউকুৰাত বুধবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে অগপ প্ৰাৰ্থী পূৰ্ণেন্দু বণিক্যয়ে । প্ৰচাৰ সভাত প্ৰাৰ্থীগৰাকীৰ ঘোষণা-তেওঁৰ বাবে মহাজোঁটৰ প্ৰাৰ্থী কোনো ফেক্টৰ নহয় । বণিক্যৰ মতে অভয়াপুৰী সমষ্টিত তেওঁৰ সৈতে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰহে প্ৰতিদ্বন্দ্বিতা হ'ব ।
লগতে পঢ়ক:হোজাইত বিধ্বংসী অগ্নিকাণ্ড
TAGGED:
agp candidate campaign