ধুবুৰী,29 মাৰ্চ: ধুবুৰীত অগপ-বিজেপি-বিপিএফৰ উমৈহতীয়া প্ৰাৰ্থী ঘোষণা৷ ধুবুৰীত আয়োজিত মিত্ৰজোঁটৰ যৌথ সাংগঠিনক সভাত অংশগ্ৰহণ কৰি অগপৰ জাৱেদ ইছলামক ধুবুৰী লোকসভা সমষ্টিত উমেহতীয়া প্ৰাৰ্থী হিচাপে ঘোষণা কৰে অগপ সভাপতি অতুল বৰাই ৷
ধুবুৰী লোকসভা সমষ্টিত উমেহতীয়া প্ৰাৰ্থী ঘোষণা অগপ-বিজেপি-বিপিএফ মিত্ৰজোঁটৰ - ধুবুৰী
শুকুৰবাৰে ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে বিজেপি, অগপ আৰু বিপিএফ দলৰ ধুবুৰীত এক বিশেষ বৈঠক অনুষ্ঠিত হয় ৷
উল্লেখ্য যে, ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে শুকুৰবাৰে বিজেপি, অগপ আৰু বিপিএফ দলৰ ধুবুৰীত এক বিশেষ বৈঠক অনুষ্ঠিত হয় ৷ চহৰখনৰ স্থানীয় চিলড্ৰেন পাৰ্কস্থিত প্ৰমথেশ বৰুৱা মঞ্চত আয়োজিত এই যৌথ সাংগঠনিক সভাত উপস্থিত থাকে বিজেপি আৰু অগপৰ সভাপতিদ্বয় ক্ৰমে ৰঞ্জিত দাস আৰু অতুল বৰা, মন্ত্ৰী ভৱেশ কলিতা, গোলকগঞ্জ আৰু বিলাসীপাৰা পূৱ সমষ্টিৰ বিজেপি বিধায়কদ্বয় অশ্বিনী ৰায় সৰকাৰ আৰু অশোক কুমাৰ সিংহি, বিপিএফ নেতা তথা গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী, বিলাসীপাৰা পূৱ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপ নেতা প্ৰশান্ত কুমাৰ বৰুৱা, ধুবুৰী আৰু বৰপেটা সমষ্টিৰ মিত্ৰদলৰ যৌথ প্ৰাৰ্থী তথা অগপ নেতা ক্ৰমে জাৱেদ ইছলাম আৰু ভূপেন ৰয়ৰ উপৰিও মিত্ৰজোঁট বিজেপি, অগপ আৰু বিপিএফ জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়ববীয়াসকল ৷