অসম

assam

By

Published : Jun 17, 2021, 2:04 PM IST

ETV Bharat / state

বিলাসীপাৰাত লাট মণ্ডলৰ বিৰুদ্ধে উৎকোচ সংগ্ৰহৰ অভিযোগ

বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এজন লাট মণ্ডলৰ বিৰুদ্ধে উৎকোচ সংগ্ৰহৰ অভিযোগ ৷ বৃহৎ পৰিমাণৰ ধন উৎকোচ লৈ মাটিৰ নামজাৰিকৰণত তিনি উত্তৰাধিকাৰীক বঞ্চিত ৷ ঘটনা সন্দৰ্ভত বিলাসীপাৰা থানাত ৰুজু হৈছে গোচৰ ৷

again a state government employee has been accused of taking bribe
পুনৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে উৎকোচ সংগ্ৰহৰ অভিযোগ

পশ্চিম বিলাসীপাৰা, 17 জুন : পুনৰ ৰাজ্যত উত্থাপিত হৈছে চৰকাৰী কৰ্মচাৰী(Government employee)ৰ বিৰূদ্ধে দুৰ্নীতিৰ অভিযোগ ৷ শেহতীয়াকৈ বিলাসীপাৰা ৰাজহ চক্ৰৰ এগৰাকী লাট মণ্ডল নজৰুল ইছলামৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷

বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত যোৰদেউলপাৰা গাৱঁৰ পট্টা নম্বৰ- ২৮ আৰু দাগ নম্বৰ ১৭১ ৰ ‌এবিঘা সোতৰ লেচা মাটি গাঁৱখনৰ প্ৰয়াত নিৱাসী আয়ুব আলীৰ নামত আছিল ৷ প্ৰয়াত আয়ুৱ আলীৰ ইতিমধ্যে মৃত্যু হোৱাত তেওঁৰ অধিকাৰী হিচাপে পত্নী আৰু পুত্ৰ তথা পাঁচগৰাকী জীয়েকৰ নামত মাটি ডোখৰ নিয়মানুসৰি নামজাৰি হ’ব লাগে ৷ ইয়াৰ পৰিৱৰ্তে আয়ুৱ আলীৰ পত্নী আৰু দুই গৰাকী জীয়েকক বঞ্চিত কৰি লাটমণ্ডল নজৰুল ইছলামে পঞ্চাশ হাজাৰ টকাৰ উৎকোচ লৈ আয়ুৱ আলীৰ পুত্ৰ তথা তিনি গৰাকী জীয়েকৰ নামত নামজাৰী কৰি দিয়াৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

পুনৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে উৎকোচ সংগ্ৰহৰ অভিযোগ

লাট মণ্ডল জনৰ প্ৰতিবেদনৰ পিছত মাটি ডোখৰ ন দলিল সম্পাদন কৰাৰ প্ৰচেষ্টা চলোৱাৰ কথা পোহৰলৈ আহে ৷ এনে চক্ৰান্তৰ বিষয়ে জানিব পাৰি আয়ুব আলীৰ জীয়েক মনিৰা বিবি , আকলিমা বিবি আৰু পত্নী বৰকতি বেওৱাই বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়াৰ ওচৰত প্ৰায় তিনিমাহ পুৰ্বে এখন লিখিত অভিযোগ দাখিল কৰিছে যদিও কোনো ধৰনৰ সুফল নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

মাটিৰ উত্তৰাধিকাৰী তিনি গৰাকীৰ হৈ মনিৰা বিবিয়ে লাটমণ্ডল নজৰুল ইছলামৰ বিৰুদ্ধে বিলাসীপাৰা থানা(Bilasipara police station)ত এজাহাৰ দাখিল কৰিছে। বিলাসীপাৰা থানাৰ আৰক্ষীয়ে ২৯৭/২১নম্বৰত আৰু ভাৰতীয় দণ্ড বিধি আইন(IPC)ৰ অধীনত বিষয়টো সন্দৰ্ভত ৪০৬/৪২০ ধাৰাত গোচৰ ৰুজূ কৰিছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি আৰক্ষীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে ৷

সম্প্ৰতি, অতি শীঘ্ৰে দূৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা লাটমণ্ডল জনৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া হাতত ল’বলৈ প্ৰশাসনক দাবী জনাইছে ভুক্তভোগীয়ে ৷

লগতে পঢ়ক :আজি ৰূপকোঁৱৰৰ 118 সংখ্যক ওপজাদিন

ABOUT THE AUTHOR

...view details