অসম

assam

ETV Bharat / state

দলিলৰ ক’লা বজাৰক লৈ বিব্ৰত ধুবুৰীৰ অধিবক্তা সমাজ - দালাল চক্ৰ

ধুবুৰীত দলিলৰ বৃহৎ ক’লা বজাৰ অব্যাহত থকাক লৈ সৰৱ অধিবক্তা সমাজ । দলিলৰ নাটনি দেখুৱাই বিগত চাৰি পাঁচ বছৰে একাংশ দালাল চক্ৰই ক’লা বজাৰত অধিক দামত বিক্ৰী কৰি আহিছে দলিল । শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী অধিবক্তা সকলৰ ।

advocates
advocates

By

Published : Dec 17, 2020, 5:40 PM IST

ধুবুৰী, 17 ডিচেম্বৰ : পোহৰলৈ আহিছে ধুবুৰীত দীৰ্ঘ দিন ধৰি চলি থকা দলিলৰ বৃহৎ ক’লা বজাৰৰ তথ্য । ধুবুৰী কোষাগাৰৰ সন্মুখত অৱস্থিত আদালত চৌহদত বিগত চাৰি পাঁচটা বছৰে চলিছে দলিলৰ বৃহৎ ক’লা বজাৰ । প্ৰশাসন আৰু কোষাগাৰ কৰ্তৃপক্ষৰ চকুৰ সন্মুখতেই দলিলৰ ক’লা বজাৰ চলি থকা সময়ত দলিল কিনিবলৈ গৈ মূৰে-কপালে হাত দিব লগীয়া হৈছে সাধাৰণ ৰাইজে । অভিযোগ অনুসৰি ২০ টকীয়া দলিল এখনৰ ক’লা বজাৰত মূল্য ৭০ টকাৰ পৰা ১০০ টকা । সেইদৰে ১০০ টকীয়া দলিল এখন ৩০০/৪০০ টকাত বিক্ৰীহৈ আছে ক’লা বজাৰত ।

ধুবুৰী বাৰ এচ’চিয়েচন

উল্লেখ্য যে, ধুবুৰী জিলা কোষাগাৰ, জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ সন্মুখতেই বৰ্তমান ১০, ২০, ৫০ অথবা ১০০ টকীয়া দলিল পাবলৈ নাই । কিন্তু বৈধভাবে ভেণ্ডৰৰ ওচৰত এই দলিল নাপালেও ক’লা বজাৰত উভৈনদী হৈ আছে দলিল সমূহ। যি দলিল পঞ্জীয়নভুক্ত ভেণ্ডৰৰ উপৰিও অবৈধ ভাৱে একাংশ দালাল চক্ৰই অধিক দামত বিক্ৰী কৰি আহিছে ।

দলিলৰ ক’লা বজাৰক লৈ বিব্ৰত ধুবুৰীৰ অধিবক্তা সমাজ

আনপিনে ধুবুৰীৰ বাবে যোগান পোৱা দলিল অন্য জিলাৰ ক’লা বজাৰলৈ যোৱাৰ বিপৰীতে কামৰূপ, তিনিচুকীয়া, কোকৰাঝাৰ আদিকে ধৰি কেইবাখনো জিলাৰ দলিল ধুবুৰীৰ ক’লা বজাৰত বিক্ৰী কৰা হৈছে । এই বিষয়ে ধুবুৰী কোষাগাৰ আৰু জিলা উপায়ুক্তক অৱগত কৰাৰ পিছতো সুদীৰ্ঘ বছৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে । প্ৰশাসনীয় বৰমুৰীয়া আৰু কৰ্তৃপক্ষৰ ৰহস্যজনক নিৰ্লিপ্ততাৰ বাবেই দলিলৰ নাটনি দেখুৱাই একাংশ ভেণ্ডাৰৰ লগত মিলি এটা দালাল চক্ৰই ২০ টকাৰ পৰা ১০০ টকীয়া দলিল ক’লা বজাৰত বিক্ৰী কৰি একপ্ৰকাৰ লুণ্ঠনৰাজ চলাই আহিছে ।

এইক্ষেত্ৰত ধুবুৰী আদালতৰ একাংশ অধিবক্তাই জিলা আৰক্ষী অধীক্ষকক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনাইছে । ধুবুৰী আদালতৰ সন্মুখত জিলা প্ৰশাসনৰ চকুৰ সন্মুখতেই চলি থকা দলিলৰ বৃহৎ ক’লা বজাৰ বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়াই লক্ষণীয় বিষয় ।

লগতে পঢ়ক :২১ৰ নিৰ্বাচনতো অসমত অটুট থাকিব "ৰামধেনু মিত্ৰতা"-বৈজয়ন্ত পাণ্ডা

ABOUT THE AUTHOR

...view details