ধুবুৰী, 19 নৱেম্বৰ : ধুবুৰীত আৰক্ষী জালত পৰিছে এজন প্ৰৱঞ্চক অধিবক্তা ৷ চাকৰিৰ প্ৰলোভনেৰে অধিবক্তা জনে এজনৰ পৰা লৈছিল তিনি লাখ টকা । ধৃত অধিবক্তা জন ধুবুৰী আদালতৰ মনিৰুল ইছলাম । এটা চাকৰি দিয়াৰ নামত অধিবক্তা গৰাকীয়ে পাঁচ লাখ টকা দাবী কৰাৰ অভিযোগ পোৱা গৈছে । গৌৰীপুৰৰ গেৰামাৰী গাঁৱৰ ছফিকুল হক নামৰ এজন লোকে নিজৰ ভাতৃৰ চাকৰিৰ নামত প্ৰথমে আঢ়ৈ লাখ টকা দিয়াৰ পাচত পুনৰ পঞ্চাশ হাজাৰ টকা আদায় দিয়ে মনিৰুল ইছলামক ।
বাকী দুই লাখ টকা চাকৰি হোৱাৰ পিচত আদায় দিয়াৰ কথা আছিল । কিন্তু চাকৰি নোহোৱাৰ পিচত ছফিকুল হকে টকা খিনি ঘূৰাই বিচাৰিছিল যদিও টকাখিনি আদায় নিদিয়াৰ পিচত গৌৰীপুৰ আৰক্ষী থানাত ছফিকুল হকে দাখিল কৰিছিল এজাহাৰ । বৃহস্পতিবাৰে গৌৰীপুৰ আৰক্ষীয়ে ধুবুৰীৰ পৰা আটক কৰে প্ৰৱঞ্চকৰূপী অধিবক্তা মনিৰুল ইছলামক ।