পূৱ বিলাসীপাৰা,২৮ মাৰ্চঃ পূৱ বিলাসীপাৰাৰ চাপৰত সংঘটিত আৰক্ষী আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি শনিবাৰেফলিমাৰীত উপস্থিত হয় অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আক্ৰমণৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ জিলা প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়ে ৷ সিঙে ৰাজ্যত যিকোনো প্ৰকাৰে লক ডাউন পালন কৰাৰ লগতে আৰক্ষীৰ আক্ৰমণকাৰীসকলক কোনোপধ্যে ৰেহাই দিয়া নহ’ব বুলি প্ৰকাশ কৰে ৷
চাপৰৰ ঘটনাস্থলী পৰিদৰ্শন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ - ধুবুৰীৰ পূৱ বিলাসীপাৰাৰ চাপৰ
শুকুৰবাৰে ধুবুৰীৰ পূৱ বিলাসীপাৰাৰ চাপৰত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰিছিল একাংশ লোকে ৷ লক ডাউনৰ মাজত চলি থকা ফলিমাৰিৰ বুধবাৰী বজাৰ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল আৰক্ষীৰ এটা দলে ৷ ফলত আৰক্ষীৰ দলটো ৰাইজৰ আক্ৰমণৰ বলি হয় ৷ শনিবাৰে ঘটনাস্থলীত উপস্থিত হয় অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷
![চাপৰৰ ঘটনাস্থলী পৰিদৰ্শন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ADGP GP Singh visit sapor dhubri to study the situation of police attack between lock down](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6575554-thumbnail-3x2-a.jpg)
আনহাতে, লক ডাউনৰ সময়ছোৱাত সম্পূৰ্ণ সহযোগ কৰিবলৈ অসমবাসীক আহ্বান জনায় অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷ সিঙৰ লগত উপস্থিত থাকে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক, বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতিৰ লগতে অন্যান্য প্ৰশাসনীয় বিষয়াসকল ৷ বৃহত্তৰ অঞ্চলটোত শান্তি-শৃংখলা বজাই ৰাখিবলৈ স্থানীয় লোকসকলক আহ্বান জনায় সিঙে ৷ সমান্তৰালকৈ লক ডাউনৰ সময়ছোৱাত শান্তি-শৃংখলা বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনাইছে দেশী জনগোষ্ঠীয় মঞ্চয়ো ৷ উল্লেখ্য় যে, শুকুৰবাৰে সংঘটিত ঘটনা সংক্ৰান্তত ফলিমাৰীৰ ৮ জন লোকক সোধ-পোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে ।
লগতে চাওকঃলক ডাউনৰ মাজত ধুবুৰীত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ