অসম

assam

By

Published : Aug 18, 2019, 11:23 PM IST

ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে অসমৰ এগৰাকী বিজ্ঞান শিক্ষক

গ্ৰামাঞ্চলত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত সন্মানিত হবলৈ সক্ষম হৈছে ধুবুৰীৰ এগৰাকী বিজ্ঞান শিক্ষক

অসমৰ এগৰাকী বিজ্ঞান শিক্ষক

ধুবুৰী,18 আগষ্টঃঅসমলৈ সন্মান কঢ়িয়াই আনিলে ধুবুৰীৰ এগৰাকী বিজ্ঞান শিক্ষকে । গুজৰাটৰ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত গ'ল্ড ক্লাৱ বঁটাৰে সন্মানিত হ'ল ধুবুৰীৰ আহমেদ হুছেইন নামৰ এগৰাকী শিক্ষক। ধুবুৰী জিলাৰ অমৰুদ্দিন মেম'ৰিয়েল হাইস্কুলৰ আহমেদ হুছেইন নামৰ এই গৰাকী বিজ্ঞান শিক্ষকে ১৯৯৭ চনৰ পৰাই বিজ্ঞানৰ সৈতে জড়িত থাকি সমাজৰ পৰা অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ আঁতৰাই এখন সুস্থ সমাজ গঠন কৰাৰ প্ৰয়াস কৰি আহিছে । বিদ্যালয়ত শিক্ষকতাৰ উপৰি ১৯৯৭ চনত প্ৰথমতে শিশু বিজ্ঞান সমাৰোহ আৰু তাৰ পিছত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু ধুবুৰী ৰুৰেল চায়েন্স চচাইটিৰ সৈতে জড়িত থাকি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি গাঁও অঞ্চলৰ আকৰ্ষিত কৰাৰ সমান্তৰালকৈ অন্ধ বিশ্বাস আৰু কু সংস্কাৰৰ বিৰুদ্ধে ৰাইজৰ মাজত এক সজাগতা অনাৰ প্ৰয়াস চলাই গৈছে শিক্ষকগৰাকীয়ে ।

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে অসমৰ এগৰাকী বিজ্ঞান শিক্ষক

ইফালে এনে অন্ধ বিশ্বাসৰ বিৰুদ্ধে মাত মতাৰ বাবে একাংশ ৰাইজৰ লগতে অন্ধ বিশ্বাসত বুৰ গৈ থকা একাংশ শিক্ষকেও বাধা প্ৰদান কৰি অহা বুলি ক্ষোভ প্ৰকাশ কৰে শিক্ষকগৰাকীয়ে । এনে বাধাকো নেওচি গ্ৰাম্যাঞ্চলৰ সমাজ ব্যৱস্থাত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে বঁটাপ্ৰাপ্ত শিক্ষক আহমেদ হুছেইন ৷ উল্লেখযোগ্য যে, ধুবুৰী ৰুৰেল চায়েন্স চচাইটি নামৰ বিজ্ঞান ক্লাৱৰ সমন্বয়ক হিচাপে গ্ৰাম্যাঞ্চলত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ বাবেই ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনস্থ বিজ্ঞান প্ৰসাৰ নামৰ সংস্থাটোৱে অসমৰ ধুবুৰীৰ বিজ্ঞান ক্লাৱৰ সমন্বয়ক আহমেদ হুছেইনৰ নাম বাচনি কৰিছে। শিক্ষক আহমেদ হুছেইনৰ বিজ্ঞান ক্লাৱটোক গ'ল্ড ক্লাৱ হিচাপে স্বীকৃতি দিলে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান প্ৰসাৰ সংস্থাটোৱে। গুজৰাটৰ ৰাজকোটৰ অৰ্পিত প্ৰতিষ্ঠানত যোৱা ১২ আৰু ১৩ আগষ্টত অনুষ্ঠিত হোৱা এটি অনুষ্ঠানত দেশৰ মুঠ ৫৭ টা বিজ্ঞান ক্লাৱৰ সৈতে জড়িত থকা মুঠ ৫৭ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনাই হয় । ইয়াৰে অসমৰ ভিতৰত একমাত্ৰ আহমেদ হুছেইনে এই বঁটা লাভ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ নাম উজলাবলৈ সক্ষম হয় । জিলা শিক্ষা বিভাগৰ অনুমতি সাপেক্ষে আহমেদ হুছেইনে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি গ্ৰহণ কৰে গ'ল্ড ক্লাৱ বঁটা ৷

ABOUT THE AUTHOR

...view details