ধুবুৰী, 27 এপ্ৰিল : শনিবাৰে পুৱতি নিশা বঙাইগাঁৱৰ নৱাগাঁৱৰ পৰা কইনা সহ নিজ বাসগৃহলৈ উভতি আহিছিল বৰযাত্ৰী কঢ়িওৱা এখন ট্ৰেভেলাৰ ৷ কিন্তু ধুবুৰীৰ বালাজানৰ সমীপৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ সৈতে সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই থিতাতে নিহত হয় ট্ৰেভেলাৰখনৰ 5 জনকৈ বৰযাত্ৰী ৷
ধুবুৰীত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনা পতিত, থিতাতে নিহত 5 - dhubri accident
ধুবুৰীৰ বালাজানৰ সমীপৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা ৷ বঙাইগাঁৱৰ নৱাগাঁৱৰ পৰা বৰযাত্ৰী কঢ়িয়াই অনা As 17C 0835 নম্বৰৰ ট্ৰেভেলাৰৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় 5 জনকৈ বৰযাত্ৰী ৷ গুৰুতৰভাৱে আহত হয় কেইবাজনো বৰযাত্ৰী ৷

ধুবুৰীৰ বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাপতিত, থিতাতে নিহত 5 জন
ধুবুৰীৰ বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাপতিত, থিতাতে নিহত 5 জন
নিহত লোককেইজন ক্ৰমে সম্বো বীণ, কাঞ্চন বীণ, সুবল অধিকাৰী, উৎপল আৰু গাড়ীৰ হেণ্ডিমেন ৷ আনহাতে দুৰ্ঘটনাত আহত হোৱা 4 গৰাকী লোকক ভৰ্তি কৰোৱা হৈছে ধুবুৰী অসামৰিক চিকিৎসালয়ত ৷ গুৰুতৰভাৱে আহত সঞ্জয় অধিকাৰী, কমলেশ্বৰ ৰয়ক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷