অসম

assam

ETV Bharat / state

ABT member arrested: এবিটি সদস্য শুকুৰ আলীক 13 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ - ধৃত জহুৰা খাতুন

ধুবুৰীত গ্ৰেপ্তাৰ হোৱা এবিটিৰ সদস্য শুকুৰ আলীক 13 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আদালতৰ। দেওবাৰে ধুবুৰী আদালতত হাজিৰ কৰা হয় ধৃত ABT সদস্য আব্দুছ শুকুৰ আলীক। আদালতত হাজিৰ কৰাই ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ বিচাৰি আবেদন কৰে ধুবুৰী আৰক্ষীয়ে। যদিওঁ আদালতে ১৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

ABT member arrested
শুকুৰ আলীক 13 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

By

Published : Aug 6, 2023, 8:27 PM IST

শুকুৰ আলীক 13 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ধুবুৰী, ৬ আগষ্ট: ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাংলাদেশৰ নিষিদ্ধ ঘোষিত সংগঠন আনছাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিৰ দুৰ্ধৰ্ষ সদস্য আব্দুছ শুকুৰ আলীক 13 দিনৰ বাবে ধুবুৰী আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ধুবুৰী আদালতে। প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে পুৱা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নায়েৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত নায়েৰ আলগা হাজিপৰা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আব্দুছ শুকুৰ আলী নামৰ এটা দুৰ্ধৰ্ষ এবিটিৰ সদস্যক।

আৰক্ষীৰ দলটোৱে অঞ্চলটোৰ গুলবৰ খাঁ নামৰ এজন লোকৰ ঘৰৰ পৰা আব্দুছ শুকুৰ আলী নামৰ এবিটিৰ দুৰ্ধৰ্ষ সদস্যটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত এবিটিৰ সদস্যটো ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত অঞ্চলৰ টাকীমাৰী গাঁৱৰ বাসিন্দা আকবৰ আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

ধৃত আব্দুছ শুকুৰ আলীৰ পৰা অধিক তথ্য উদ্ঘাটন কৰাৰ বাবে ধুবুৰী আৰক্ষীয়ে জেৰা কৰাৰ অন্তত আজি ধুবুৰী আদালতত হাজিৰ কৰায় আব্দুছ শুকুৰ আলীক ।

ধুবুৰী আদালতত হাজিৰ কৰাই আৰক্ষীয়ে 14 দিনৰ বাবে নিজৰ জিম্মাত বিচাৰি আবেদন কৰে যদিও আদালতে 13 দিনৰ বাবে ধুবুৰী আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আব্দুছ শুকুৰ আলীক। আৰক্ষীৰ জেৰাত কি কি তথ্য পোহৰলৈ আহে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব যদিও দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বাংলাদেশৰ নিষিদ্ধ ঘোষিত সংগঠন আনছাৰুল্লাহ বাংলা টীমৰ এজন সদস্য গ্ৰেপ্তাৰ হোৱাৰ পিচতেই বহু প্ৰশ্নই উত্থাপন হৈছে ।

উল্লেখ্য যে, আজিৰ পৰা প্ৰায় এবছৰ মান পূৰ্বে বিলাসীপাৰাৰ নায়েৰ আলগা ২য় খণ্ড গাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ABT ৰ সদস্য আবু তাল্লাহৰ সৈতে তেওঁৰ পত্নী জহুৰা খাতুনক। ধৃত জহুৰা খাতুনৰ পৰা আৰক্ষীয়ে লাভ কৰিছিল কেইবাটাও মোবাইল ফোন।

তথ্য নষ্ট কৰাৰ বাবে জহুৰাই জ্বলাই দিয়াৰ চেষ্টা কৰিছিল এটা মোবাইল ফোন। জহুৰাৰ মোবাইল ফোনৰ পৰা আৰক্ষীয়ে লাভ কৰিছিল বহু গুৰুত্বপূৰ্ণ তথ্য। আনকি জহুৰা খাতুনে ব্যৱহাৰ কৰা মোবাইল ফোনত ডাৰ্ক ৱেবৰ জৰিয়তে ABT ৰ গোপন কাৰ্যকলাপ চলাই নিছিল। ডাৰ্ক ৱেবৰ জৰিয়তে বিভিন্ন তথ্যও আদান প্ৰদান কৰিছিল জহুৰাই ।

তেনে চাঞ্চল্যকৰ তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে ভিতৰে ভিতৰে চলাই গৈছিল অভিযান। শেহতীয়াকৈ আৰক্ষীয়ে পুনৰ বিলাসীপাৰাৰ নায়েৰ আলগা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে আব্দুছ শুকুৰ আলীক। ধৃত শুকুৰ আলীৰ ঘৰ ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ টাকীমাৰী গাঁৱত।

লগতে পঢ়ক:Price hike in Assam: মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ অসম প্রদেশ কংগ্ৰেছ কমিটি; সংবাদমেল সম্বোধন

ABOUT THE AUTHOR

...view details