ধুবুৰী,২৮ জুন:সোমবাৰে ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল(HS Result 2022) । বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় । কিন্তু উৎসৱমুখৰ পৰিৱেশ চলি থকাৰ মাজতো নিজৰ ফলাফল লবলৈ নাই ধুবুৰীৰ বিজ্ঞান শাখাৰ এগৰাকী মেধাবী ছাত্ৰ । কাৰণ বিগত তিনিদিনে লুইতৰ বুকুত সন্ধানহীন হৈ আছে ধুবুৰীৰ মেধাবী ছাত্ৰ অভিজিৎ সূত্ৰধৰ (Abhijit Sutradhar who went missing in Brahmaputra passed first division) ।
ভাল ফলাফল লাভ কৰাৰ পাছত প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ত আনন্দমুখৰ পৰিৱেশৰ সূচনা হয় যদিও ধুবুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় চৌহদত এক নিমাওঁ মাও পৰিৱেশহে দেখা পোৱা গ'ল । মেধাবী ছাত্ৰ গৰাকী সন্ধানহীন হোৱাক লৈ সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে এক শোককুল পৰিৱেশে । ফলাফল অনুযায়ী অভিজিৎ সূত্ৰধৰে বিজ্ঞান শাখাত ৩১০ নম্বৰ পাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ।