ধুবুৰী, ২৪ ডিচেম্বৰ: ৰাষ্ট্ৰীয় বিজয় দিৱস সন্মিলনৰ দিনাই ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল বাতেনলৈ আগবঢ়োৱা হৈছে ২০২০ বৰ্ষৰ 'ড০ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক' । নতুন দিল্লীৰ ড০ আম্বেদকাৰ ভৱনত অনুষ্ঠিত হোৱা বিশেষ অধিৱেশনত 'ড০ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক' প্ৰদান কৰা হয় অধ্যাপকগৰাকীক ।
নতুন দিল্লীৰ বাবু যোগ জীৱন ৰাম কলা সংস্কৃতি তথা সাহিত্য একাডেমিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ড০ এন এছ খোৱাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অধিৱেশনত অধ্যাপক আব্দুল বাতেনক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয় । উক্ত অনুষ্ঠানত দিল্লী চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতম, ৰাজ্য সভাৰ সাংসদ ড০ সত্য নাৰায়ণ জটিয়া, লোকসভাৰ সাংসদ ড০ ৰাজকুমাৰ ৰঞ্জন সিংহ আৰু ৰাষ্ট্ৰীয় দলিত সাহিত্য একাডেমিৰ অধ্যক্ষ মনোজ কুমাৰকে ধৰি বহু কেইজন বিশিষ্ট অতিথি উপস্থিত থাকে ।