ধুবুৰী, 29 নৱেম্বৰঃকলা পতাকাৰ আতংকই খেদিছে অসম চৰকাৰক ৷ দেওবাৰে কলা পতাকাৰ ভয়ত ধুবুৰীত আটক কৰা হ'ল জিলা ছাত্ৰ সন্থাৰ কেইবাজনো নেতা কৰ্মীক ৷ আটকাধীন আছু কৰ্মীৰ বিজেপি চৰকাৰ মূর্দাবাদ, আছু জিন্দাবাদ ধ্বনিৰে উত্তাল হ'ল গোলকগঞ্জ আৰক্ষী থানা ৷
কলা পতাকাৰ আতংক বিজেপি চৰকাৰৰ ! - aasu leader arrested at dhubri
মুখ্যমন্ত্ৰী সোণোৱালৰ আগমনৰ সময়তে ধুবুৰী জিলা ছাত্ৰ সন্থাৰ সজাতি দল এটাই মুখ্যমন্ত্ৰীক কলা পতাকা প্ৰদৰ্শন কৰিবলৈ যোৱাৰ সম্ভেদ পাই লগে লগে আছু নেতা কৰ্মী সকলক আটক কৰে আৰক্ষীয়ে ৷
উল্লেখ্য যে, দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসম বংগ সীমান্তৰ ছাগলীয়াত এখন আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি পুনৰ উপস্থিত হয় গোলকগঞ্জ শংকৰদেৱ শিশু বিদ্যা নিকেতনত । বিদ্যালয়খনত চলি থকা ৰূপালী জয়ন্তী অনুষ্ঠানৰ মুকলি সভাত অংশগ্ৰহণৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷ ইপিনে মুখ্যমন্ত্ৰী সোণোৱালৰ আগমনৰ সময়তে ধুবুৰী জিলা ছাত্ৰ সন্থাৰ সজাতি দল এটাই মুখ্যমন্ত্ৰীক কলা পতাকা প্ৰদৰ্শন কৰিবলৈ যোৱাৰ সম্ভেদ পাই লগে লগে আছু নেতা কৰ্মী সকলক আটক কৰে আৰক্ষীয়ে ৷ আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নিৰ্মল ৰায়, জিলা সম্পাদক সৌৰভ ভট্টাচাৰ্য, গোলকগঞ্জ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰাজু ৰায় সহ তেৰ আছু সদস্যক আটক কৰে আৰক্ষীয়ে ৷
আৰু পঢ়কঃ অমিতাভ বচ্চনলৈ দাদা চাহেব ফাল্কে বঁটা