অসম

assam

ETV Bharat / state

ফকিৰগঞ্জত মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ছাত্ৰসন্থাই

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ছাত্ৰসন্থাৰ। ৯৪.৬৬% নম্বৰ লৈ উজ্বলিল জান্নাতুল ফিৰদৌচি।

hslc result 2020
hslc result 2020

By

Published : Jun 7, 2020, 4:20 AM IST

ধুবুৰী, 6 জুন : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা চূড়ান্ত পৰীক্ষাৰ ফলাফলত দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ফকিৰগঞ্জৰ প্ৰায়বোৰ বিদ্যালয়ৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী লগতে অভিভাৱকক সম্বৰ্ধনা জনায় দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰসন্থাই ।

দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানী, উপ সভাপতি চাহিন জাবেদ আহমেদৰ লগতে শিক্ষাবিদ আব্দুল হাফিজ চৌধুৰী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আলটাফ হুছেইন আহমেদ , অভিজন্তা মুশ্বাৰফ হুছেইন খান উপস্থিত থাকি সম্বৰ্ধনা জনায় মেধাবী ছাত্ৰ ছাত্ৰী সকলক।

মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
ইপিনে বৃহত্তৰ ফকিৰগঞ্জ অঞ্চলৰ ভিতৰত জান্নাতুল ফিৰদৌচি নামৰ এগৰাকী মেধাবী ছাত্ৰীয়ে প্ৰতিটো বিষয়ত লেটাৰ নম্বৰসহ 94.66% লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ গোটেই অঞ্চলখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । ছাত্ৰীগৰাকীয়ে আশা কৰা অনুসৰি ফলাফল হোৱা নাই যদিও ছাত্ৰীগৰাকীৰ এনে ভাল ফলাফলে আনন্দিত কৰি তুলিছে অঞ্চলটোৰ শিক্ষিত মহলক।
ফকিৰগঞ্জত মেধাবী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ছাত্ৰসন্থাই

শিক্ষক ফয়জাল হক চৌধুৰী আৰু চুফীয়া খাতুনৰ কন্যা তথা অন্বেষা শিক্ষা নিকেতনৰ ছাত্ৰী জান্নাতুল ফিৰদৌচিয়ে ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখিছে ।

লগতে পঢ়ক : বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ এশ শতাংশই লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ

ABOUT THE AUTHOR

...view details