অসম

assam

ETV Bharat / state

কাকীৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে বিলাসীপাৰাত আমছুৰ প্ৰতিবাদ

কাকীৰ উচ্ছেদ অভিযানক লৈ আমছুৰ প্ৰতিবাদ ৷ ক'লা বেজ পৰিধান কৰি সংগঠনটোৰ প্ৰতিবাদ ৷ অন্যায়ভাৱে প্ৰশাসনে উচ্ছেদ কৰাৰ অভিযোগ আমছুৰ ৷

aamsu-protest-at-bilasipara-regarding-kaki-eviction
কাকীৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে বিলাসীপাৰাত আমছুৰ প্ৰতিবাদ

By

Published : Jun 7, 2021, 10:04 PM IST

বিলাসীপাৰা, 7 জুন: সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰে বিলাসীপাৰাতো আমছুৱে সাব্যস্ত কৰে প্ৰতিবাদ । লংকাৰ কাকী অঞ্চলত তিনি হাজাৰ বিঘা এলেকাত হোজাই প্ৰশাসনে যি উচ্ছেদ অভিযান চলালে তাৰ পৰিপ্ৰেক্ষিততেই আমছুৰ এই প্ৰতিবাদ । সম্পূৰ্ণ ক’ভিড প্ৰট'কলৰ মাজেৰে আমছুৰ বিলাসীপাৰা জিলা সমিতিয়ে ক'লা বেজ পৰিধান কৰি বিলাসীপাৰা চহৰৰ মাজ মজিয়াত ৰাজহুৱা প্ৰেক্ষাগৃহত এই প্ৰতিবাদ সাব্যস্ত কৰে ।

কাকীৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে বিলাসীপাৰাত আমছুৰ প্ৰতিবাদ

কাকী অঞ্চলৰ ৭৪ টা পৰিয়ালক অন্যায়ভাৱে হোজাই জিলা প্ৰশাসনে উচ্ছেদ কৰাৰ অভিযোগ আমছুৰ । লগতে গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ ৰায় দানকো হোজাই প্ৰশাসনে ভৰিৰে মোহাৰি পেলোৱাৰ অভিযোগ কৰে । তেওঁলোকে সম্পূৰ্ণ বিষয়টো ধিক্কাৰ জনায় আৰু তীব্ৰ গৰিহণা দি কয় অতি সোনকালে অসম চৰকাৰে সেই উচ্ছেদিত পৰিয়াল সমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে অনাগত দিনত আমছুৱে সমগ্ৰ অসমতে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক:দৰঙৰ খাৰুপেটিয়াত চিকিৎসকক অপদস্থ

ABOUT THE AUTHOR

...view details