অসম

assam

ETV Bharat / state

সদৌ অসম গৰিয়া মৰিয়া দেশীয় জাতিয় পৰিষদলৈ আমছুৰ সদস্য - বার্তাজীৱী সংঘৰ কাৰ্য্যালয়

ধুবুৰী জিলা তথা আঞ্চলিকৰ আমছু বিষয়ববীয়া আৰু সদস্য কৰ্মীসহ প্ৰায় ২০ গৰাকীয়ে আনুষ্ঠানিক ভাবে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদত যোগদান কৰে।

aamsu member left organisation joining All Assam Garia Maria Desi Jatiya Parishad
আমছু সদস্যৰ সদৌ অসম গৰিয়া মৰিয়া দেশীয় জাতিয় পৰিষদত যোগদান

By

Published : Sep 8, 2020, 6:55 PM IST

ধুবুৰী,8 ছেপ্তেম্বৰঃ মঙলবাৰেধুবুৰী জিলা বার্তাজীৱী সংঘৰ কাৰ্যালয়ত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ অসমৰ ধুবুৰী জিলা সমিতিয়ে এক সংবাদমেলৰ সম্বোধন কৰে ৷ সংগঠনটোৰ জিলা প্ৰতিনিধিৰ উপস্থিতিত ধুবুৰী জিলা আৰু আঞ্চলিক আমছুৰ সাংগঠনিক সম্পাদক আফজালুৰ ৰহমান আৰু সম্পাদক ওঁৱাছিম ৰেজাউল কৰিমকে ধৰি কেইবাগৰাকী বিষয়ববীয়াসহ প্ৰায় ২০ জনকৈ লোক সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদত আনুষ্ঠানিক ভাবে যোগদান কৰে।

আমছু সদস্যৰ সদৌ অসম গৰিয়া মৰিয়া দেশীয় জাতিয় পৰিষদত যোগদান

আমছু ত্যাগ কৰা সদস্য সকলে সংবাদমেলত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ লক্ষ্য উদ্দেশ্য আৰু ৰাইজৰ সহাৰিৰ প্ৰতি আকৰ্ষিত হৈ এই সিদ্ধান্ত লয় বুলি উল্লেখ কৰে । আনহাতে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ মঞ্চত তেওঁলোকে নিজৰ অৱহেলিত আৰু বঞ্চিত জনগোষ্ঠীৰ হকে মাত মাতিবলৈ সাংবিধানিক ভাৱে বিশেষ সুবিধা নোপোৱাৰ বাবেই আমছু ত্যাগৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয় বুলিও সংবাদমেলতে উল্লেখ কৰে।

ইপিনে তেওঁলোকে সদৌ অসম গৰি-মৰিয়া-দেশী জাতীয় পৰিষদৰ পবিত্ৰ পতাকাৰ তলত সংবিধানৰ অধিনত থাকি সততা আৰু নিষ্ঠাৰে জনগোষ্ঠী কেইটাৰ হৈ কাম কৰাৰ বাবে দায়বদ্ধতা স্বীকাৰ কৰে। সংগঠনটোৰ জিলা সভাপতি ছফিউৰ ৰহমান আৰু সম্পাদক মৈনুদ্দিন আহমেদৰ উপস্থিতিত সকলোৱে নিজৰ জনগোষ্ঠীৰ প্ৰাপ্তিৰ দাবীত সংগ্ৰাম কৰি যোৱাৰ বাবে এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰে।

আমছু সদস্যৰ সদৌ অসম গৰিয়া মৰিয়া দেশীয় জাতিয় পৰিষদত যোগদান

ইপিনে অসম চৰকাৰে শেহতীয়াকৈ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ ঘোষণা কৰিছে। যদিওঁ গৃহীত হোৱা স্বায়ত্ত শাসিত পৰিষদক পূৰ্ণ সমৰ্থন কৰি কেৱল কোচ ৰাজবংশী সকলকেই নহয় বিভিন্ন জনগোষ্ঠীৰ লগতে দেশী জাতীয় পৰিষদক স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী উত্থাপন কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ অসমে । উল্লেখযোগ্য যে, আমছু ত্যাগ কৰি এই সকল লোকে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ অসমত যোগদান কৰাৰ পিছত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে, আমছুত শ্ৰেণী বিভাজনৰ ৰাজনীতি চলিছে নেকি । এইক্ষেত্ৰত আমছুৰ কেন্দ্ৰীয় নেতৃত্বই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া লক্ষণীয় হ’ৱ।


লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ আছু নেতৃত্বৰ

ABOUT THE AUTHOR

...view details