বিলাসীপাৰা ,30 মে': বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা৷ আৰ্থিকভাৱে দুৰ্বল দহগৰাকী শিক্ষাৰ্থীলৈ এককালীন আৰ্থিক সাহাৰ্য হিচাপে 5000 টকাকৈ অনুদান ৷
আমছুৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা - ETV BHARAT
কাজাইকাটা হাইস্কুল প্ৰাংগণত বৃহস্পতিবাৰে সদ্য ঘোষিত উচ্চ,উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ 29 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । শিক্ষাৰ্থীসকলক ফুলাম গামোচা, মানপত্ৰ, কিতাপৰ টোপোলাৰ লগতে আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ 10 গৰাকী শিক্ষাৰ্থীলৈ এককালীন আৰ্থিক সাহাৰ্য 5000 টকাকৈ দিয়া হয়।
কাজাইকাটা হাইস্কুল প্ৰাংগণত বৃহস্পতিবাৰে সদ্য ঘোষিত উচ্চ,উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ 29 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । শিক্ষাৰ্থীসকলক ফুলাম গামোচা, মানপত্ৰ, কিতাপৰ টোপোলাৰ লগতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ 10 গৰাকী শিক্ষাৰ্থীলৈ এককালীন আৰ্থিক সাহাৰ্য হিচাপে 5000 টকাকৈ দিয়া হয়। আৰ্থিক অনুদান আগৱঢ়োৱা হয় আমছুৰ সভাপতি আব্দুল ওহাব মন্ডলৰ আৰু সভাপতি কাজাইকাটা-ছুৱাপাতা গাঁও পঞ্চায়ত মাননীয় হৰমূজ আলীৰ সহযোগত ।অনুষ্ঠানটোত বিলাসীপাৰা জিলা আমছুৰ লগতে সভাত বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷