অসম

assam

ETV Bharat / state

ফকিৰগঞ্জৰ বান বিধ্বস্ত অঞ্চলতে আমছু আৰু ঐক্য সেনা অসমৰ প্ৰতিবাদ - স্থায়ী প্ৰতিৰোধ

শুকুৰবাৰে বৰষুণকো নেউচি বান গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বুজ ল’বলৈ গৈ সেই স্থানতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে আমছু আৰু ঐক্য সেনা অসমৰ সদস্য সকলে ।

Aamsu and oikyo sena protest at flood effected area of fakirganj
ফকিৰগঞ্জৰ বান বিধ্বস্ত অঞ্চলতে আমছু আৰু ঐক্য সেনা অসমৰ প্ৰতিবাদ

By

Published : Aug 1, 2020, 2:05 AM IST

ধুবুৰী, 1 আগষ্ট: শুকুৰবাৰে দক্ষিণ শালমাৰাৰ আমছু আৰু ঐক্য সেনা অসমৰ এটা সঁজাতি দলে ফকিৰগঞ্জ অঞ্চলৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিলে । ব্ৰহ্মপুত্ৰৰ পাৰৰ এই বান বিধ্বস্ত অঞ্চলটোতে পাৰকুপাইনৰ পৰিৱৰ্তে বল্ডাৰৰ জৰিয়তে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী তুলি এই দুই সংগঠনৰ সদস্য সকলে কৰিলে প্ৰতিবাদ ।

ফকিৰগঞ্জৰ বান বিধ্বস্ত অঞ্চলতে আমছু আৰু ঐক্য সেনা অসমৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, দক্ষিণ শালমাৰাৰ আমছু আৰু ঐক্য সেনা অসমৰ যৌথ উদ্যোগত যোৱা সঁজাতি দলটোৱে শুকুৰবাৰে দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত ফকিৰগঞ্জ,মাটিফাটা, টুমনী, লাওখোৱা, শিমলাক, চতলাৰপাৰ, দক্ষিণ শালমাৰা কলেজ, ৰাজাবুলা ভালূককানদিকে ধৰি বান বিধ্বস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰাৰ লগতে বান ক্ষতিগ্ৰস্ত প্ৰায় তিনি শতাধিক পৰিয়ালক ঈদ উপলক্ষে কম বেছি পৰিমানে সাহায্যও বিতৰণ কৰে ।

ফকিৰগঞ্জৰ বান বিধ্বস্ত অঞ্চলতে আমছু আৰু ঐক্য সেনা অসমৰ প্ৰতিবাদ

এই সঁজাতি দলটোৱে ফকিৰগঞ্জত গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰি থকা তিনিকোটি টকাৰ পাৰকুপাইনৰ বান্ধটোও পৰিদৰ্শন কৰে । এই বান্ধটো বল্ডাৰৰ জৰিয়তে স্থায়ীভাৱে নিৰ্মাণ নকৰিলে বান বিধ্বস্ত অঞ্চল সমূহক কোনো কালে গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিব নোৱাৰিব বুলি কলে দলটোৱে । সেয়েহে এই বান্ধটো বল্ডাৰেৰে নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনায় ।

ফকিৰগঞ্জৰ বান বিধ্বস্ত অঞ্চলতে আমছু আৰু ঐক্য সেনা অসমৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details