পশ্চিম বিলাসীপাৰা, 24 মাৰ্চ :আসন্ন বিধান সভা নিৰ্বাচনকলৈ ৰাজ্যৰ দল-সংগঠন সমূহ তৎপৰ হৈ পৰিছে ৷ প্ৰতিটো দল সংগঠনৰ নেতৃত্বই ৰচনা কৰিছে নিৰ্বাচন কেন্দ্ৰিক ৰণকৌশল ৷ পিছ পৰি থকা নাই সদৌ অসম সংখ্যালঘূ উন্নয়ন সন্থা চমুকৈ AAMDU ৷
মঙলবাৰে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চামিন আলীয়ে বিলাসীপাৰা প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত মুকলিকৈ বিজেপি দলক সমৰ্থন কৰে ৷ আলীয়ে কয় যে, বিজেপি চৰকাৰে ভূমিপুত্ৰ গৰিয়া, মৰিয়া, দেশী আৰু সংখ্যালঘুসকলৰ সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰিছে ৷ কিন্তু পূৰ্বৰ কংগ্ৰেছ চৰকাৰে প্ৰতাৰণাৰ বাহিৰে আন একো নকৰিলে ৷