ধুবুৰী,২৪ মাৰ্চঃ শনিবাৰে বিলাসীপাৰাৰ টিয়াপাৰাত অনুষ্ঠিত এখন জন সভাত উপস্থিত থাকি আগন্তুক লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ ৰাজ্যৰ বিভিন্ন মহলত ব্যাপক চৰ্চা হোৱাৰ সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয়, পত্নীৰ বাহিৰে কাৰো লগত নাই তেওঁৰ কোনো গোপন মিত্ৰতা ।
পত্নীৰ বাহিৰে কাৰোৰে লগত গোপন মিত্ৰতা নাইঃবদৰুদ্দিন আজমল
ধুবুৰী সমষ্টিত কংগ্ৰেছৰ কোনো এগৰাকী নেতাৰ তেওঁৰ বিৰুদ্ধে প্ৰতিদন্দ্বিতা কৰাৰ সাহস নাই বুলিও গভীৰ আত্মবিশ্বাসেৰে কয় এ আই ইউ ডি এফৰ সভাপতিজনে
পত্নীৰ বাহিৰে কাৰোৰে লগত গোপন মিত্ৰতা নাই - বদৰুদ্দিন আজমল
ইফালে জন সভাখনত তেওঁৰ বিৰুদ্ধে ধুবুৰী সমষ্টিত কংগ্ৰেছৰ কোনো এগৰাকী নেতাৰ প্ৰতিদন্দ্বিতা কৰাৰ সাহস নাই বুলিও গভীৰ আত্মবিশ্বাসেৰে কয়এ আই ইউ ডি এফৰ সভাপতিজনে । অৱশ্যে সংখ্যালঘু বসতি প্ৰধান সমষ্টিটোৰ বাসিন্দাই এইবাৰ নেতাগৰাকীক কেনেদৰে আঁকোৱালি লয়,সেইয়া সময়তহে লক্ষণীয় হ'ব ।